
নিউজ ডেস্ক:
ৰাজ্যত ভয়াৱহ বান নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হোৱাৰ পিচত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক ভগৱানক পূজা কৰিবলৈ বৃহস্পতিবাৰে জনোৱা আহ্বানক সঁহাৰি জনায় কংগ্ৰেছ বিধায়ক কমলাক্ষ ডে পুৰকায়স্হই।আজি ঘৰতে বহি পূজা কৰি আছে বিধায়ক গৰাকীয়ে।বানপানীৰ বাবে ঘৰতে আৱদ্ধ হৈ থাকি বিধায়ক গৰাকীয়ে কয়- আমাৰ এতিয়া একমাত্ৰ ভৰসা ভগৱান।মুখ্যমন্ত্ৰীয়ে হাত দাঙি দিলে যেতিয়া আমি এতিয়া পূজা কৰিছোঁ অসমবাসীক ৰক্ষা কৰিবলৈ।
অসম চৰকাৰৰ কোনো পৰিকল্পনা নথকাৰ বাবে এনে আজি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।চৰকাৰখন আজি সম্পূৰ্ণৰূপে ব্যৰ্থ।অসমবাসী আজি বানত ককবকাই আছে ,চৰকাৰে এতিয়া হাত দাঙি দিছে-কমলাক্ষই কয়।
ইফালে প্ৰাকৃতিক দুর্যোগৰ ফলত বৰাকৰে যোগাযোগ বিচ্ছিন্ন হোৱা প্ৰসংগত কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে কয়- বৰাকবাসী আজি আইচলেত হৈ আছে।একমাত্ৰ স্থল আৰু ৰেলপথেৰে আজি যোগাযোগ বিচ্ছিন্ন।আজি বৰাকলৈ গলে ব্যয়বহুল বিমানত যাব লাগিব।বৰাকৰ কোনো ৰোগী যদি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী বা অন্য ঠাইলৈ নিব লগা হয় তেন্তে নিব নোৱাৰে।উন্নত চিকিৎসাৰ অভাৱত বৰাকতে মৃত্যু হ’ব লাগিব।
- Log in to post comments
- 9 views