সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থাৰ প্ৰথম অধিবেশন আৰু ফুটবল খেল পৰিচালক কৰ্মশালাখন ২০-২২ ছেপ্টেম্বৰত নগাঁৱত অনুষ্ঠিত হৈ যায় । অধিবেশন আৰু কৰ্মশালা নগাঁও ক্ৰীড়া সন্থাৰ নুৰুল আমিন ষ্টেডিয়াম আৰু নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত হয় । ২০ ছেপ্টেম্বৰত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অধিবেশন আৰু কৰ্মশালা ।
ফিফা ৰেফাৰী এছেছৰ হিচাপে গোৱাৰ এন্থনী ডিক'ষ্টা আৰু বাংগালোৰৰ মূৰ্তি গোপালন উপস্থিত থকা কৰ্মশালাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনিকুৰিৰো অধিক খেল পৰিচালক উপস্থিত থাকে । ২১ ছেপ্টেম্বৰত সন্ধিয়া প্ৰতিনিধি সভা অনুষ্ঠিত হয় । প্ৰাক্তন ৰঞ্জী ট্ৰফী ৰেফাৰী কমল দত্তই মুকলি কৰা প্ৰতিনিধি সভাত প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ অইলৰ ৰমেশ ফুকন, প্ৰাক্তন ৰাষ্ট্ৰীয় ৰেফাৰী অজিত ডেকা আৰু শশীন্দ্ৰ লাল ভূঞা উপস্থিত থাকে ।
নিশা অনুষ্ঠিত সভাত আগন্তুক দুবছৰৰ বাবে গুৱাহাটীৰ দীপক কুমাৰ দে'ক সভাপতি, ডিব্ৰুগড়ৰ জীৱন গগৈক কাৰ্যকৰী সভাপতি, নাজিৰাৰ হীৰেন গগৈক সাধাৰণ সম্পাদক আৰু নগাঁৱৰ দিব্য জ্যোতি শৰ্মাক কোষাধ্যক্ষ ৰূপে লৈ এখন ৪১ জনীয়া নতুন সমিতি গঠন কৰা হয় । সন্থাৰ টেকনিকেল ডাইৰেক্টৰ ৰূপে নিৰ্বাচিত কৰা হয় যোৰহাটৰ ফিফা ৰেফাৰী সীমান্ত দত্তক । ২১ ছেপ্টেম্বৰত মুকলি সভাৰ পূৰ্বে পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে সভাপতি দীপক কুমাৰ দে'য়ে ।
মুকলি সভাত সন্মানীয় অতিথি ৰূপে অসম ফুটবল সন্থাৰ সভাপতি হেমেন্দ্ৰ নাথ ব্ৰহ্ম, যুটীয়া সম্পাদকদ্বয় প্লাৱন বৰুৱা আৰু নিৰ্মল চেতিয়া, আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী মৃণালকান্তি ৰয় আদি উপস্থিত থাকে । এই সভাতে সাধাৰণ সম্পাদক হীৰেন গগৈৰ সম্পাদিত স্মৃতিগ্ৰন্থ 'সংকেত' উন্মোচন কৰে ফিফা এছেছৰ মূৰ্তি গোপালন আৰু মৃণালমৃণালকান্তি ৰয়ে । সন্থাৰ পৰৱৰ্তী অধিবেশন অহা বছৰ যোৰহাটত অনুষ্ঠিত হ'ব ।
- Log in to post comments
- 10 views