কাৰ্বি আংলং নিৰ্বাচনক লৈ আমি বিশেষ আশা কৰা নাছিলোঁ- ভূপেন বৰা

A

নিউজ ডেস্ক:

"কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ নিৰ্বাচনক লৈ বিশেষ আমি আশা কৰা নাছিলো।কিন্ত পাঁচটা সমষ্টিত অলপ বিজেপিৰ কষ্ট হ’ব  বুলি জানিছিলোঁ।আমি বিৰোধীৰ ভূমিকা পালন কৰি আহিছো"- কাৰ্বি আংলং স্বায়ত্ত পৰিষদ নিৰ্বাচনত পৰাস্ত হৈ এই মন্তব্য ভূপেন বৰাৰ।বিজেপি শাসনৰ দিনত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছ হাৰিলেও পূৰ্বৰ ১৫বছৰীয়া কংগ্ৰেছৰ শাসনৰ সময়ত আন দলো জিকা নাছিল বুলি তেওঁ লগতে কয়।
কাৰ্বি আংলঙত আমি জিকা হলে চৰকাৰখন হতাশ হ’ল হয়।ৰাইজে এইবাৰ চৰকাৰক হতাশ কৰাৰ মন নাই বাবে কাৰ্বি আংলং নিৰ্বাচনত চৰকাৰক সুবিধা দিছে।কংগ্ৰেছ দলৰ ধৈৰ্য আছে বাবে ধৈৰ্য ধৰিছোঁ৷ধৈৰ্য ধৰিব লাগিব নিদিষ্ট সময়লৈকে  ৷
মুখ্যমন্ত্ৰী পৰিয়ালৰ পি পি ই কীট, ভূমি কেলেংকাৰীৰ বিৰুদ্ধে দিল্লীত আন্দোলন হ’ব ৷

Your Comments