
নিউজ ডেস্ক:
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ পি পি ই কীট কেলেংকাৰীৰ বিৰুদ্ধে আম আদমী পাৰ্টীৰ এজাহাৰ দাখিল।গুৱাহাটী লতাশিল আৰক্ষী থানাত আপে দাখিল কৰে এজাহাৰ।মুখ্যমন্ত্ৰী শৰ্মাৰ পত্নী ৰিণিকি ভূঞা, ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী পৰিয়ালৰ ঘনিষ্ঠ ঘনশ্যাম দাস আৰু ৰাজীৱ বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।উল্লেখ্য যে বেনামী লেনদেন(প্ৰতিৰোধ) আইন ১৯৮৮ আৰু Prevention Of money Laundering Act, 2022 ৰ অধীনত গোচৰ ৰুজু কৰিবলৈ ৰাজনৈতিক দলটোৱে এজাহাৰ দাখিল কৰে।গুৰুত্বপূৰ্ণ কথা এই যে গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি ১২০(খ) ৪২০ আৰু ৪০৯ ধাৰাত গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰিছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে, কোভিডকালত পি পি ই কীট যোগানৰ নামত মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু ঘনিষ্ঠই কেলেংকাৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।ইতিমধ্যে দেশৰ ৰাজনীতিতো স্থান পাইছে বিষয়টোৱে।
- Log in to post comments
- 24 views