
নিউজ ডেস্ক:
পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ জেহাদী কাৰ্য-কলাপত জড়িত থকাৰ অভিযোগত সংগঠনটোৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ১৬টাকৈ গোচৰ ৰুজু কৰাৰ লগতে সংগঠনটোৰ বিৰুদ্ধে কিছু অভিযোগ উত্থাপন কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেন চন্দ্ৰ নাথে।এই বাতৰি প্ৰকাশৰ পিছতে সোমবাৰে এক সংবাদমেল সম্বোধন কৰি পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়াই আৰক্ষীৰ অভিযোগ মিছা আৰু ভিত্তিহীন বুলি মন্তব্য কৰে।সংগঠনটোৰ সাধাৰণ সম্পাদক ৰবিউল হুছেইনে আক্ষেপ প্রকাশ কৰি কয়- এডিজিপিয়ে সংগঠনটোৰ ওপৰত যিবোৰ গোচৰ পঞ্জীয়ন কৰাৰ কথা উল্লেখ কৰিছে সেই সকলোবোৰ গোচৰ মিছা আৰু মনে সজা।ইয়াৰ লগতে বাকী যিসমূহ অভিযোগ তুলিছে সকলোবোৰ ভিত্তিহীন আৰু অযুক্তিকৰ।পি এফ আই দেশৰ সংবিধান বিৰোধী কামত জড়িত নহয়, বৰঞ্চ সংবিধান তথা গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অশুভ শক্তিবোৰৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে।যোৱা ২৬জানুৱাৰীৰ পৰা ৰাষ্ট্ৰজুৰি অহা ১৫আগষ্টলৈ দেশজুৰি সংগঠনটোৱে 'গণৰাজ্য বচাওক' শীর্ষক এক প্ৰচাৰ অভিযান অব্যাহত আছে।আনহাতে সংবাদমেলতে এডিজিপি হীৰেন নাথ আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় কয় যে ,পি এফ আই যদি জেহাদী কাৰ্য কলাপৰ লগত জড়িত প্ৰমাণ দিয়ক।আৰক্ষী বিষয়া হীৰেন নাথে মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা হৈ কাম কৰি আছে।যিসমূহ গোচৰ সংগঠনৰ বিৰুদ্ধে তেওঁ পঞ্জীয়ন কৰিছে সেইসমূহ মিছা আৰু মনেসজা।
"দেশৰ সংবিধান বিৰোধী কামত জড়িত হোৱা নাই।জেহাদী অথবা কোনো সন্ত্ৰাসবাদক প্ৰশ্ৰয় নিদয়ে।PFI য়ে মুছলমান আৰু পিছপৰা লোক সকলৰ উন্নয়নৰ স্বাৰ্থত কাম কৰে"- হুছেইনে কয়।
- Log in to post comments
- 10 views