বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কলিয়াবৰত পোন্ধৰ মিনিটত একলাখ গছ পুলি ৰোপন


নিউজ ডেস্ক:
শ্যামলী কলিয়াবৰ নামেৰে কলিয়াবৰক সেউজ কৰাৰ পৰিকল্পনাৰে বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত আজি  বিশ্ব পৰিবেশ দিৱসৰ দিনটোত ১৫ মিনিটত একলাখ গছ পুলি ৰোপন কৰা হয়। স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই এটি কাঞ্চন পুলি ৰূপন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। মহকুমাটোৰ প্ৰতিটো পঞ্চায়তৰ অন্তৰ্গত প্ৰতিঘৰ গৃহস্থ, বিভিন্ন কাৰ্যালয়, বিভিন্ন অনুষ্ঠান-প্ৰতিস্থানত একে সময়তে ১৫ মিনিটৰ ভিতৰতে একলাখ পুলি ৰোপন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি চিত্ৰাংকণ প্ৰতিযোগিতা, বাটৰ নাট আদি অনুষ্ঠান অনুষ্ঠিত কৰে।  অনুষ্ঠানত কিমনেই চাংচান, সঞ্চালক, এচটেক,  বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ সচিব  উপস্থিত থাকে৷

Your Comments