PPE KIT কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত এনএইচএমৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

গুৱাহাটী খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ।পিপিই কীট আৰু চেনিটাইজাৰ কেলেংকাৰীৰ তদন্ত বিচাৰি শণিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে৷প্ৰতিবাদকাৰীয়ে সমগ্ৰ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী কৰে।
উল্লেখ্য যে মন্ত্ৰী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল পি পি ই কীট ঘটনাৰে জড়িত নহয় বুলি কোৱা প্ৰসংগক উভতি ধৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ডি শইকীয়াই কয়- মন্ত্ৰী পীযুষ হাজৰিকাৰ কথা ভিত্তিহীন আৰু কোনো যুক্তি নাই।মুখ্যমন্ত্ৰী হিমন্তৰ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে চেষ্টা কৰিছে।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল পিপিই কীট, ছেনিটাইজাৰ কেলেংকাৰীত প্ৰত্যক্ষ ভাৱে  জড়িত।এয়া হাজাৰ কোটি টকীয়া কেলেংকাৰী।

ৰাইজৰ দলে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে৷ ঘটনাৰ উচিত তদন্ত ঘোষণা নকৰালৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি উল্লেখ কৰি কয়-কোভিডৰ সময়ত সকলো সামগ্ৰী ক্ৰয়ৰ দায়িত্বত আছিল এনএইচএম।এন এইচ এমত কোভিড কেলেংকাৰী সংঘটিত হৈছে।গতিকে এন এইচ এমক জবাবদিহি কৰিবলৈ আজি আহিছো।
ইফালে মুখ্যমন্ত্ৰী হিমন্তৰ পত্নী ৰিণিকি ভূঞা কেলেংকাৰীৰ সৈতে জড়িত হয় বুলি দাবী কৰে ভাস্ক’ ডি শইকীয়াই ৷
গুৰুত্বপূৰ্ণ কথা যে কোভিডৰ সময়ত চিকিৎসা বিভাগে সামগ্ৰী যোগানৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰা  বুলি এন এইচ এমৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা তথ্যৰ আধাৰত, দুটা ডিজিটেল সংবাদ প্ৰতিষ্ঠান ‘দ্য ৱায়াৰ’ আৰু ‘দ্য ক্ৰছকাৰেন্ট’য়ে ফাদিল কৰিছিল।উক্ত তথ্যসমূহত কোভিডৰ কেলেংকাৰীত  মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ জে বি এছ ইণ্ডাষ্ট্ৰীজ আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঘনশ্যাম ধানুকাৰ নাম সাঙুৰ খাই পৰিছিল।

Your Comments