
নিউজ ডেস্ক:
৩দিনৰ জেৰাৰ অন্তত অৱশেষত জেললৈ প্ৰেৰণ কৰা হ’ল SI জোনমনি ৰাভাক ৷মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৰাভাক।উল্লেখ্য যে জোনমণিৰ দুটা বেংক একাউণ্টত সোমাইছিল প্ৰায় ২০ লাখ টকা।গড়মূৰ শাখাৰ কানাড়া বেংকৰ একাউণ্টত ১১,৩৩,১৭৪ টকা আৰু এক্সিছ বেংকৰ একাউণ্টত ৯,১৪,২৬৯ টকা সোমাইছিল।জানিব পৰা মতে ৰানা পগাগে গড়মূৰৰ কানাড়া বেংকত জোনমণি ৰাভাৰ নামত বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন কৰিছিল।গুৰুত্বপূৰ্ণ কথা এই যে ,ৰানা পগাগে প্ৰেমিকা জোনমণি ৰাভাৰ সহায়ত অ’এন জি চিত বহু কোটি টকা ঠিকা দিয়াৰ প্ৰলোভনেৰে ব্যৱসায়ী ৰাম অৱতাৰ শৰ্মাৰ পৰা ৪৯ লাখ টকা ,অজিত বৰাৰ পৰা ১৩ লাখ টকা আৰু ৰঞ্জন কুটুম নামৰ ঠিকাদাৰৰ পৰা ২৫ লাখ টকা কমিছন লৈছিল ৷উক্ত সময়ছোৱাত জোনমণি ৰাভা গড়মূৰ আৰক্ষী থানা আৰু পিচত বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত আছিল।
- Log in to post comments
- 41 views