
নিউজ ডেস্ক:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পুৱা ১০ বজাত ঘোষণা হ’ব।অহা ৭জুনত ঘোষণা হ’ব লগা ফলাফল উপলব্ধ হ’ব ছেবাৰ ১৪টাকৈ ৱেবচাইটত।এই কথা এক জাননীৰ জৰিয়তে প্রকাশ কৰিছে ছেবাই।
উল্লেখ্য যে মেট্ৰিকত এইবাৰ অৱতীৰ্ণ হৈছে ৪লাখ ১৯হাজাৰ ৮৮৭গৰাকী পৰীক্ষাৰ্থী।ছাত্ৰ পৰীক্ষাৰ্থী ১লাখ ৯৫হাজাৰ ১৮১গৰাকী, ছাত্ৰী ২লাখ ২৪হাজাৰ ৭০৬ গৰাকী।
একেদৰে হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছে ১১হাজাৰ ২৪৫গৰাকী, ছাত্ৰ পৰীক্ষাৰ্থী ৪১৯৯গৰাকীৰ বিপৰীতে ছাত্ৰী ৭০৪৬গৰাকী।
উল্লেখ্য যে ৯০৩টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা।সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৪,৩১,১৩২ গৰাকী।
গুৰুত্বপূৰ্ণ কথা এই যে,২০২১বৰ্ষৰ প্রশ্ন কাকতেৰে অনুষ্ঠিত হৈছিল এইবাৰৰ পৰীক্ষা।
- Log in to post comments
- 8 views