৭জুনত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল ;মুখ্যমন্ত্ৰীৰ ঘোষণা

A

B

নিউজ ডেস্ক:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা।অহা ৭জুনত ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰিলে এই কথা।
উল্লেখ্য যে,২০২১বর্ষৰ প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হৈছিল এইবাৰৰ মেট্ৰিক পৰীক্ষা।এইবাৰ মেট্ৰিক আৰু হাইমাদ্ৰাছাত মুঠ পৰীক্ষাথী অৱতীৰ্ণ হৈছিল মুঠ ৪লাখ ৩১হাজাৰ ছাত্ৰ- ছাত্ৰী।তাৰে প্ৰায় ৪লাখ ১৯হাজাৰ মেট্ৰিক, ১২হাজাৰ হাইমাদ্ৰাছাত।এই কথা জনাইছে ছেবা কৰ্তৃপক্ষই।
তাৎপৰ্যপূৰ্ণ কথা এই যে,ক'ৰনাৰ বাবে ২০২১বর্ষত অনুষ্ঠিত হোৱা নাছিল পৰীক্ষা।বিশেষ মুল্যাংকন পদ্ধতিৰে ঘোষণা কৰিছিল ফলাফল।
ইফালে ছেৱা কৰ্তৃপক্ষই ফোনযোগে অৱগত কৰা মতে পুৱাই ঘোষণা হ’ব ফলাফল।শনিবাৰে ফলাফল ঘোষণাৰ সবিশেষ প্ৰকাশ কৰিব ছেবাই।

Your Comments