অভিনেত্ৰী নিশিতা গোস্বামীয়ে মুকলি কৰিলে লুইত মিনাৰেলছৰ নতুন কাৰ্যালয়

A

নিউজ ডেস্ক:
পানী বিশুদ্ধিকৰণৰ যন্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান লুইত মিনাৰেলচৰ নতুন কাৰ্যালয় উদ্বোধন।আজি গুৱাহাটী মহানগৰীৰ সুন্দৰপুৰ লক্ষ্মী নগৰত নতুন কাৰ্যালয়টো মুকলি কৰে অসমীয়া ছবি জগতৰ অভিনেত্ৰী নিশিতা গোস্বামীয়ে।অন্যান্য বহিঃৰাজ্যৰ কোম্পানীতকৈ অতি কম খৰচত পানী বিশুদ্ধিকৰণৰ মেচিন যোগান ধৰি আহিছে লুইত মিনাৰেলছে।
উল্লেখ্য যে, কোভিডৰ সময়তো চেন্সৰ চেনিটাইজাৰ মেচিন নিৰ্মান কৰি প্ৰতিষ্ঠানটোৱে লাভ কৰিছিল সফলতা।
তাৎপৰ্যপূৰ্ণ কথা এই যে,ইতিমধ্যে আসাম ৰাইফলচৰ লগতে উত্তৰ-পূৰ্বৰ বিভিন্ন শিক্ষানুষ্ঠান, প্ৰতিষ্ঠানত যোগান ধৰিছে পানী বিশুদ্ধিকৰণৰ অত্যাধুনিক মেচিন।কাৰ্যালয় মুকলি অনুষ্ঠানত লুইত মিনাৰেলছৰ সঞ্চালক জুৰি শৰ্মাৰ লগতে প্ৰতিষ্ঠানটোত বহুসংখ্যক কৰ্মচাৰী উপস্থিত থাকে।

Your Comments