চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ হোষ্টেলৰ গাৰ্ডৱাল খহিল

A

নিউজ ডেস্ক:

মহানগৰীত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰভাৱ।চানমাৰি কৃষ্ণনগৰত খহিল গাৰ্ডৱাল।অসম অভিযান্ত্ৰিক ইনষ্টিটিউট হোষ্টেলৰ গাৰ্ডৱাল খহি পথত বাগৰিল প্ৰকাণ্ড গছ।ফলত বন্ধ হৈ পৰে কৃষ্ণনগৰ- মিলনপুৰ সংযোগী পথ।এ আই ই কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয়বাসিন্দাৰ৷
বাৰম্বাৰ কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা লোৱা নাই কৰ্তৃপক্ষই।শণিবাৰে নিশা প্ৰায় ৯.৩০বজাত AEIৰ ছোৱালী হোষ্টেলৰ চৌহদৰ গাৰ্ডৱালখন খহি এজোপা প্ৰকাণ্ড গছ বাগৰি পৰে পথত।
ইফালে দেওবাৰে পুৱা স্থানীয় ৰাইজৰ সহযোগত পথটো মুকলি কৰা হয় যদিও হোষ্টেলখনৰ ভিতৰত বৰ্তমানো ৪-৫জোপা গছ বিপদজনকভাৱে থকা বুলি অৱগত কৰিছে ৰাইজে।গছ কেইজোপা নাকাটিলে পুনৰ এনে ঘটনা সংঘটিত হ’ব।শণিবাৰৰ নিশাৰ ঘটনাত অৱশ্যে কোনো লোক সৌভাগ্য ক্ৰমে হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে৷

Your Comments

Related Articles