ক্ৰিকেটৰ টি-২০ৰ পিছত এইবাৰ ৰাজনীতিত টি-২০ !

ক্ৰিকেটৰ টি-২০ মেচৰ কথা আপোনালোকে নিশ্চয় শুনিছে ৷ চকুৰ পচাৰতে শিখৰ ধৱন, বিৰাট কোহলি, ধোনী, ৰোহিত শৰ্মাহঁতে মৰা ইটোৰ পিছত সিটো ছিক্সাৰ দেখিছে ৷ শ্বাসৰুদ্ধকৰ অন্তিম মুহূৰ্তত কাৰোবাৰ জয় যেনেকৈ দেখিছে, তেনেকৈ পৰাজয়ো নিশ্চয় দেখিছে ৷

কিন্তু ৰাজনীতিত টি-২০ ? কিবা আচহুৱা যেন নালাগেনে ? আচহুৱা যেন লগা এই টি-২০ৰ ধাৰণা এতিয়া ৰাজনীতিতো দেখা পাব ৷

টি-২০ ফৰ্মূলা ৰাজনীতিলৈ লৈ আহিব শাসনাধিষ্ঠিত বিজেপি দলে ৷ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ আগত ৷

অৱশ্যে ক্ৰিকেটৰ টি-২০ৰ পৰা একেবাৰে পৃথক হ’ব ৰাজনীতিৰ টি-২০ ফৰ্মূলা ৷ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰয়োগ কৰিবলগীয়া টি-২০ ফৰ্মূলাৰ অৰ্থ হ’ল টি মানে চাহ আৰু ২০ মানে ২০ ঘৰ মানুহ ৷ অৰ্থাৎ ২০ ঘৰ মানুহৰ ওচৰলৈ গৈ চাহ খাই দলৰ হৈ প্ৰচাৰ চলাব লাগিব প্ৰতিগৰাকী বিজেপি কৰ্মীয়ে ৷

বিজেপিৰ ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰতিগৰাকী বিজেপি কৰ্মীয়ে ২০টা পৰিয়ালৰ ওচৰলৈ গৈ চাহ খাই পৰিয়ালটোৰ সদস্যসকলৰ পৰা সমৰ্থন আদায়ৰ চেষ্টা চলাব লাগিব ৷ এই ক্ষেত্ৰত প্ৰতিগৰাকী বিজেপি কৰ্মীৰ বিশেষ দায়িত্ব হ’ব কেন্দ্ৰত শাসনভাৰ লোৱাৰ পাছত মোডী চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ বিষয়ে প্ৰচাৰ চলোৱা ৷ লগতে মোডী চৰকাৰৰ সাফল্যসমূহো বিজেপি কৰ্মীসকলে প্ৰতিটো পৰিয়ালক বুজাই দিব লাগিব ৷ মুঠৰ ওপৰত জনতাৰ সৈতে প্ৰত্যক্ষ সংযোগ ঘটোৱাই হ’ব বিজেপিৰ টি-২০ ফৰ্মূলাৰ মূল লক্ষ্য ৷

এটা কথা নিশ্চয় আপোনালোকেও মানি ল’ব, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল সকলোতকৈ ওপৰত ৷ প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে নতুন নতুন কৌশল প্ৰয়োগ কৰি চমক সৃষ্টি কৰি আহিছে গেৰুৱা বাহিনীয়ে ৷ বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে তথ্য-প্ৰযুক্তিৰ প্ৰয়োগেৰে অভাৱনীয় চমক সৃষ্টি কৰিছিল, ৰাইজক আকৰ্ষিতও কৰিছিল অভাৱনীয় হাৰত ৷ এইবাৰ টি-২০ ফৰ্মূলা প্ৰয়োগ কৰি দলটো কিমান সফল হ’ব সেয়া জানিবলৈ অৱশ্যে আমি সময়লৈ বাট চাবই লাগিব ৷