
নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ জনাঞ্চলত পুৱাৰে পৰাৰ সন্ত্ৰাস সৃষ্টি কৰা প্ৰকাণ্ড নাহৰফুটুকী বাঘটোক বন্দী কৰিলে বন বিভাগে।পাণ্ডুৰ লক’ কলনীৰ এজোপা গছত আশ্ৰয় লৈ থকা বাঘটোক দুপৰীয়া ভাগত বন বিভাগ তথা চিকিৎসক দলৰ তৎপৰতাত ট্ৰেংকুলাইজ কৰা হয়।ট্ৰেংকুলাইজ কৰা বাঘটোক এখন জালেৰে মেৰিয়াই পিঞ্জৰাত ভৰাই লৈ চিৰিয়াখানালৈ লৈ যোৱা হয়।উল্লেখ্য ট্ৰেংকুলাইজ কৰাৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছিল বন বিভাগ তথা চিকিৎসকৰ বাবে।
ইফালে পুৱাৰ ভাগত বাঘটোৱে এগৰাকী মহিলাকো আক্ৰমণ কৰে।বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে জি এমচিএইচত।
- Log in to post comments
- 8 views