
নিউজ ডেস্ক:
ভাৰতীয় জনতা পাৰ্টীৰে মিত্ৰতা পাশত আবদ্ধ হৈ ক্ৰমাৎ অস্তিত্বৰ সংকটত ভোগা অসম গণ পৰিষদৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্রথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা ।পশ্চিম গুৱাহাটী সমষ্টিৰ ৫টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম মঙলবাৰে ঘোষণা কৰিছে দলটোৱে।উল্লেখ্য যে পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ মাত্ৰ ৭টা ৱাৰ্ডহে বীগ ব্ৰাডাৰ বিজেপি দলে এৰি দিছে অগপক।ঘোষণা কৰা ৫ৱাৰ্ড ক্ৰমে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত।অগপৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ সমষ্টিৰ অন্তৰ্গত ১,১০, ১২, ১৩, আৰু ২৪ নং ৱাৰ্ডৰ প্ৰাৰ্থীসকল ক্ৰমে ৰঞ্জন পাটোৱাৰী, কল্পনা দাস, দিপাংকৰ বৈশ্য, পূৰবী তালুকদাৰ ,বিজু মেধী।
ইফালে দিছপুৰ আৰু পূৱ গুৱাহাটী সমষ্টিত বিজেপিৰ পৰা লাভ কৰা এটাকৈ ৱাৰ্ডত বৰ্তমানো প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব পৰা নাই দলটোৱে।তাৎপৰ্যপূৰ্ণ কথা এই যে , ৩০মার্চত সামৰণি পৰিব মনোনয়ন দাখিল।
- Log in to post comments
- 12 views