
নিউজ ডেস্ক:
ভাৰতীয় জনতা পাৰ্টীৰ আগ্ৰসনত ক্ৰমাৎ অস্তিত্ব সংকটত পৰিছে অসম গণ পৰিষদ।অহা ১৯ এপ্ৰিলৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মাত্ৰ ৭টা ৱাৰ্ডতহে প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ পাইছে অগপই।ব্ৰিগ ব্ৰাডাৰ বিজেপিয়ে ৭টা ৱাৰ্ডহে এৰি দিছে অতুল বৰা নেতৃত্বাধীন অগপক। উল্লেখ্য যে, অগপই ১,১১,১২,১৩,১৪,৩৩,৫৯ নম্বৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতাৰ সুবিধা লাভ কৰিছে।গুৰুত্বপূৰ্ণ কথা যে পশ্চিম গুৱাহাটী সমষ্টিত সৰ্বাধিক ৫টা ৱাৰ্ড আৰু পূৱ গুৱাহাটীৰ ১টা ৱাৰ্ডৰ লগতে দিছপুৰ সমষ্টিৰ এটা ৱাৰ্ডত প্ৰাৰ্থী থিয় কৰোৱাৰ সুযোগ পাইছে।তাৎপৰ্যপূৰ্ণ কথা যে গুৱাহাটী পৌৰ নিগমত মুঠ ৱাৰ্ডৰ সংখ্যা ৬০টা।কিন্তু আশ্চৰ্যজনক ভাৱে মিত্ৰজোঁটৰ অংশীদাৰ ৰূপে এক তৃতীয়াংশ আসনো এৰি নিদিলে বিজেপিয়ে।ইফালে লজ্জিত ভাৱে ৭টা ৱাৰ্ডত সন্তুষ্ট থাকি পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই কয়- দলৰ কোনো ক্ষতি নহয়, আমাৰ লক্ষ্য মিত্ৰজোঁটৰ সৈতে সকলো আসন দখল কৰা।
- Log in to post comments
- 18 views