গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত প্রথমবাৰলৈ ১০টা ৱাৰ্ডত প্ৰাৰ্থী ঘোষণা আপ'ৰ

A

B
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আম আদমী পাৰ্টীয়ে।অসমত প্ৰথমবাৰৰ বাবে পৌৰ নিগমৰ নিৰ্বাচনত অৱৰ্তীন হ'ব আপ।দেওবাৰে আপে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।১০টা ৱাৰ্ডৰ বাবে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা।
১নং ৱাৰ্ডত ফাৰুক আহমেদ, ২নং ৱাৰ্ডত বিতুৰাজ দাস, ১১নং ৱাৰ্ডত চিনু বড়ো, ২০নং ৱাৰ্ডত কাৰ্তিক চৰকাৰ,  ২৬নং ৱাৰ্ডত জয়ন্ত বৰুৱা, ২৭নং ৱাৰ্ডত দেৱব্ৰত বসুমতাৰী, ২৯নং ৱাৰ্ডত দিতুল চন্দ্ৰ বৰুৱা,  চন্দন দাস, ৩৮নং ৱাৰ্ডত ছৌমিক সেন গুপ্তা, ৫৯নং ৱাৰ্ডত সুদীপ্ত শৰ্মা, ৬০নং ৱাৰ্ডত মিন্টু মণি শৰ্মা।
গুৰুত্বপূৰ্ণ কথা এই যে  যোৱা  পৌৰসভা নিৰ্বাচনত দুখন আসন লাভ কৰিছিল আপে।উল্লেখ্য যে ,অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন।

Your Comments