
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ কংগ্ৰেছৰ ৫৫ জনীয়া প্রথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা।৬০টা ৱাৰ্ডৰ বাবে অহা ১৯এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন।দলটোৰ সভাপতি ৰিপুন বৰাৰ অনুমোদন সাপেক্ষে ঘোষণা কৰা হৈছে প্ৰাৰ্থীৰ তালিকাখন।সংবাদ বিবৃত্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে।ইফালে বাকী ৰোৱা ৫ ৱাৰ্ডৰ প্ৰাৰ্থীৰ নামো শীঘ্ৰেই ঘোষণা হ’ব বুলি বিবৃত্তিত উল্লেখ আছে।গুৰুত্বপূৰ্ণ কথা এই যে প্রথমখন প্ৰাৰ্থীৰ তালিকাত অধিকাংশই মহিলা।প্ৰকাশিত ৫৫টা ৱাৰ্ডত ৩৬টাতে মহিলা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দলটোৱে।বাকী ১৯টা ৱাৰ্ডত পুৰুষ।তাৎপৰ্যপূৰ্ণ কথা যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৫০শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত আছে।দলটোৰ ঘোষিত প্ৰাৰ্থী তালিকা মতে- মালিগাঁও ২নং ৱাৰ্ডত তপন কলিতা, মালিগাঁও ৩নং ৱাৰ্ডত ৰশ্মি দাস, জালুকবাৰী ৪নং ৱাৰ্ডত বিতুমনি মজুমদাৰ, জালুকবাৰী ৫নং ৱাৰ্ডত ৰেছমা বেগম, জালুকবাৰী ৬নং ৱাৰ্ডত কালবিন কুমাৰী, জালুকবাৰী ৭নং ৱাৰ্ডত উত্তম কুমাৰ দে, জালুকবাৰী ৮নং ৱাৰ্ডত চাহাবিন শৰ্মা, মালিগাঁও ৯নং ৱাৰ্ডত ৰঞ্জিতা দাস, মালিগাঁও ১০নং ৱাৰ্ডত ৰিণিকি নাথ ৰাজবংশী, ভৰলুমুখ ১১নং ৱাৰ্ডত মামণি ডেকা, ভৰলুমুখ ১২নং ৱাৰ্ডত লক্ষ্মণ ৰাভা, ভৰলুমুখ ১৩নং ৱাৰ্ডত দুৰ্গা দেৱী, ভৰলুমুখ ১৪নং ৱাৰ্ডত চায়াশ্ৰী শৰ্মা মেধী, ভৰলুমুখ ১৫নং ৱাৰ্ডত আব্দুল জানিছাৰ খান, পাণবজাৰ ১৬নং ৱাৰ্ডত দীপক প্ৰসাদ, পাণবজাৰ ১৭নং ৱাৰ্ডত চাজিৰা বেগম, পানবজাৰ ১৮নং ৱাৰ্ডত পৰাগ দাস, ভৰলুমুখ ১৯নং ৱাৰ্ডত মামণি ৰয়, কালাপাহাৰ ২০নং ৱাৰ্ডত বিপুল দেৱনাথ, কালাপাহাৰ ২১নং ৱাৰ্ডত পূৰ্ণিমা বিশ্বাস, কালাপাহাৰ ২৩নং ৱাৰ্ডত সংগীতা বড়ো, কালাপাহাৰ ২৪নং ৱাৰ্ডত সমীৰ বং জং, কালাপাহাৰ ২৫নং ৱাৰ্ডত মনিশা ইংতি, উলুবাৰী ২৭নং ৱাৰ্ডত অনামিকা বড়ো স্বৰ্গীয়াৰী, উলুবাৰী ২৮নং ৱাৰ্ডত জিতাঞ্জলী বৰা, উলুবাৰী ২৯নং ৱাৰ্ডত সন্ধাশমিতা দাস, পানবজাৰ ৩১নং ৱাৰ্ডত লক্ষ্মীপ্ৰভা বৰদলৈ, চানমাৰি ৩২নং ৱাৰ্ডত গিতালি দাস, চানমাৰি ৩৩নং ৱাৰ্ডত ৰিমা গোস্বামী, চানমাৰি ৩৪নং ৱাৰ্ডত ইম্পী দাস, চানমাৰি ৩৫নং ৱাৰ্ডত ৰমণী দাস, চানমাৰি ৩৬নং ৱাৰ্ড মাইনাজান বেগম, জু-ৰোড ৩৭নং ৱাৰ্ডত নমিতা দাস, জু-ৰোড ৩৮নং ৱাৰ্ডত পৰেশ গৰগয়া, জু-ৰোড ৩৯নং অভিজিৎ মজুমদাৰ, উলুবাৰী ৪০নং ৱাৰ্ডত মীনা শইকীয়া গগৈ, বেলতলা ৪১নং ৱাৰ্ডত মিনাক্ষী লাহন দাস, বেলতলা ৪২নং ৱাৰ্ডত মৈত্ৰী দেৱী সেনাপতি, বেলতলা ৪৩নং ৱাৰ্ড ভাৰতী ডেকা মেধী, বেলতলা ৪৪নং ৱাৰ্ডত কুশ গগৈ, বেলতলা ৪৫নং ৱাৰ্ড সীমা বৰা, দিছপুৰ ৪৬নং ৱাৰ্ডত প্ৰাঞ্জল ফুকন, বেলতলা ৪৭নং ৱাৰ্ড ধ্ৰুৱজ্যোতি শৰ্মা, বেলতলা ৪৮নং ৱাৰ্ড মধুস্মিতা দাস, দিছপুৰ ৪৯নং ৱাৰ্ডত শ্যামল হাজৰিকা, জু-ৰোড ৫০নং ৱাৰ্ডত নৱ কুমাৰ গোস্বামী, দিছপুৰ ৫১নং ৱাৰ্ড ছোনিয়া দলৈ, নুনমাটি ৫২নং ৱাৰ্ড জগদীশ দাস, নুনমাটি ৫৩নং ৱাৰ্ডত ৰুবি সৰকাৰ, জু-ৰোড ৫৪নং ৱাৰ্ডত বিউটি আহমেদ, নুনমাটি ৫৫নং ৱাৰ্ডত হিমাক্ষী বৈশ্য শইকীয়া, নুনমাটি ৫৬নং ৱাৰ্ডত ৰুবী দাস, নুনমাটি ৫৭নং ৱাৰ্ড ভাৰতী ভাগৱতী, নুনমাটি ৫৮নং ৱাৰ্ডত বন্দনা বৰ্মন, দিছপুৰ ৬০নং ৱাৰ্ডত স্বপন কুমাৰ দাসক প্ৰাৰ্থীত্ব।
উল্লেখ্য যে অহা ১৯এপ্ৰিলত অনুষ্ঠিত হ’ব নিৰ্বাচন।২১এপ্ৰিলত ঘোষণা হ’ব ফলাফল।ইফালে মনোনয়ন দাখিলৰ অন্তিম দিন ৩০মার্চ।
- Log in to post comments
- 19 views