পৌৰ নিগমৰ নির্বাচন পিছুৱাই দিয়াৰ দাবীত গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সাতবিহুৰ মাজত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্রেছৰ মহানগৰীত প্ৰতিবাদ।কালি ৰাজীৱ ভৱনৰ সন্মুখত প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে নিৰ্বাচনৰ দিন সলনি কৰা দাবীৰে ৰূপায়ণ কৰে প্ৰতিবাদ।ৰাজ্যৰ জনতাৰ স্বাভিমান ৰঙালী বিহুৰ মাজতে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰা সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰৰ দাবী জনায় কংগ্রেছে।উল্লেখ্য যে  কংগ্ৰেছকর্মীসকলে প্ৰতিবাদী সমদল কৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যোৱাৰ কথা আছিল যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে।ইফালে কংগ্ৰেছ দলে নিৰ্বাচন পিছুৱাই দিয়াৰ দাবীৰে নিৰ্বাচন আয়োগলৈ আৰক্ষীৰ জৰিয়তে এক পত্ৰ প্ৰেৰণ কৰে।উল্লেখ্য যে , অহা ১৯ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কথা।
শনিবাৰৰ কংগ্ৰেছৰ প্ৰতিবাদত উপস্থিত থাকে দলৰ মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰ, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য প্ৰমুখ্যে ভালে কেইজন জ্যেষ্ঠ নেতা।

Your Comments