
নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অসমীয়া বাপতিসাহোন সাতবিহুৰ পৰম্পৰাৰ মাজতে অনুষ্ঠিত কৰিব লোৱা সিদ্ধান্তৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে শনিবাৰে ৰূপায়ণ কৰিব প্ৰতিবাদ।চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যিক নিৰ্বাচনী আয়োগৰ কাৰ্যালয়লৈ প্ৰদেশ কংগ্ৰেছে বাহিৰ কৰিব প্ৰতিবাদী সমদল।দিনৰ ১২বজাত গুৱাহাটী ৰাজীৱ ভৱনৰ পৰা সমদল উলিয়াই ৰাজ্যিক নিৰ্বাচন আয়োগক নিৰ্বাচনী দিন প্ৰত্যাহাৰৰ দাবী জনাই প্ৰদান কৰিব স্মাৰক পত্ৰ।এক প্ৰেছ বিবৃত্তিৰ জৰিয়তে এই কথা প্রকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,আয়োগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে ২৪ মাৰ্চত কংগ্ৰেছ দলে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যদিও এই পৰ্যন্ত কোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবে শনিবাৰে সমদল বাহিৰ কৰিব বুলি কয়।প্ৰতিবাদী সমদলত সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰমুখ্যে বহুসংখ্যক নেতা কর্মীয়ে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে অহা ১৯এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নির্বাচন অনুষ্ঠিত কৰাৰ কথা নিৰ্বাচন আয়োগে ঘোষণা কৰিছে।
- Log in to post comments
- 9 views