মুখ্যমন্ত্ৰী কনভয় আৰু আৰক্ষী কনিষ্টবলক ৰিজাৰ্ভ ক্লজ কৰাৰ খবৰ অসত্য- গুৱাহাটী আৰক্ষী

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কনভয় পাৰ হওঁতে পলম হোৱা বাবে দিছপুৰ আৰক্ষীৰ যান-বাহন শাখাৰ এজন আৰক্ষী কনিষ্টবলক ৰিজাৰ্ভ ক্লজ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত খবৰক লৈ অসম আৰক্ষীৰ টুইট।সমগ্ৰ ঘটনাক অসত্য বুলি টুইট যোগে উল্লেখ কৰিছে গুৱাহাটী আৰক্ষীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে আজি একাংশ সংবাদ মাধ্যমত দিছপুৰ থানাৰ যান-বাহন শাখাৰ এগৰাকী কনিষ্টবলক কৰ্তব্যত গাফিলতি কৰাৰ বাবে ৰিজাৰ্ভ ক্লজ কৰা বুলি বাতৰি প্ৰকাশ হৈছে।তলব কৰা কনিষ্টবল গৰাকীয়ে মুখ্যমন্ত্ৰীৰ ৰোড লাইনিঙৰ দায়িত্বত থকা সময়তে মুখ্যমন্ত্ৰী কনভয় পাৰ হওঁতে ২মিনিট পলম হোৱা বুলি খবৰটো প্ৰকাশিত হৈছিল।

Your Comments