ইভিএমত ১৯এপ্ৰিলত গুৱাহাটীৰ পৌৰ নিৰ্বাচন, ২১এপ্ৰিলত ফলাফল

A

নিউজ ডেস্ক:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা।অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন।মুঠ ৬০টা পৌৰ নিগমৰ ৱাৰ্ডক সামৰি অনুষ্ঠিত হ'ব লগা নিৰ্বাচনৰ ফলাফল ২১ এপ্ৰিলত ঘোষণা হ'ব।বুধবাৰে সাংবাদমেল যোগে এই কথা ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।নিৰ্বাচনৰ বাবে আজিৰে পৰা পৌৰ নিগমৰ এলেকাত জাৰি হৈছে নিৰ্বাচনী অধিসূচনা।উল্লেখ্য যে নিৰ্বাচনত প্ৰতিদ্বন্দীৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ ৩০মার্চ অন্তিম দিন।একেদৰে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ৪এপ্ৰিলত।গুৰুত্বপূৰ্ণ কথা এই যে ,গুৱাহাটী পৌৰ নিগমৰ মুঠ ৱাৰ্ডৰ ৫০শতাংশ আসন মহিলাৰ  বাবে সংৰক্ষিত থাকিব।অনুসূচীত জাতিৰ বাবে ৪টা ৱাৰ্ড সংৰক্ষিত থাকিব।নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীয়ে সৰ্বমুঠ ২.৫০লাখ টকা খৰচ কৰিব পাৰিব।
তাৎপৰ্যপূৰ্ণ কথা এই যে প্ৰথমবাৰলৈ গুৱাহাটী পৌৰ নিগমত ৱাৰ্ড ৬০টালৈ বৃদ্ধি হৈছে।সৰ্বমুঠ ভোটাৰ ৭,৯৫,৮২৯ গৰাকী।প্ৰথমবাৰলৈ ইভিএমত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ এই নিৰ্বাচন।পুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।ইফালে নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভতো আয়োগে নিৰ্ধাৰণ কৰিছে কেতবোৰ নিয়ম।নিশা ৯বজাৰ পৰা পুৱা ৬বজালৈ কোনো প্ৰাৰ্থীয়ে প্ৰচাৰ চলাব নোৱাৰিব।একেদৰে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৰ্বাধিক ৩০গৰাকী নেতাই চলাব পাৰিব প্ৰচাৰ।

Your Comments