আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

আসন্ন ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আসন ভাগ-বটোৱাৰাক লৈ নীতিশ কুমাৰৰ নেতৃত্বাধীন জনতা দল (ইউ) আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাজত বিৰোধ পুনৰ তীব্ৰ হৈ পৰিছে ৷

ইতিপূৰ্বে আসন ভাগ-বটোৱাৰাক লৈ দুই দলৰ মাজত বুজাবুজি সম্পন্ন হোৱা বুলি বিজেপিৰ তৰফৰ পৰা দাবী কৰা হৈছিল যদিও নীতিশ কুমাৰে বিজেপিৰ প্ৰস্তাৱ মানি লোৱা নাছিল ৷

বৰং বিজেপিৰ একপক্ষীয় প্ৰস্তাৱক লৈ নীতিশ কুমাৰে অসন্তুষ্টিহে প্ৰকাশ কৰিছে ৷ নিৰ্বাচনী ৰণকৌশল বিশেষজ্ঞ প্ৰশান্ত কিশোৰে অলপতে জে ডি (ইউ)ত যোগদান কৰাৰ পিছত নীতিশ কুমাৰে নিজৰ স্থিতি অত্যন্ত কঠোৰ কৰে ৷

আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

বৃহস্পতিবাৰে নীতিশ কুমাৰে প্ৰশান্ত কিশোৰক লগত লৈ বিজেপিৰ সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰে ৷ এয়া কোনা পূৰ্ব নিৰ্ধাৰত নাছিল ৷ সাক্ষাৎকালত নীতিশ কুমাৰে বিহাৰৰ মুঠ ৪০খন লোকসভা আসনৰ ভিতৰত ১৭খন আসন দাবী কৰে ৷

কেৱল সেয়াই নহয়, বিজেপিয়ে দিয়া ১২খন আসনৰ প্ৰস্তাৱ পোনে পোনে খাৰিজ কৰি দিয়ে আৰু এই ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে বুলিও স্পষ্ট কৰি দিয়ে ৷ নীতিশ কুমাৰে ১৭খন আসনৰ বাহিৰে অন্য প্ৰস্তাৱ দলৰ বাবে সন্মানজনক নহয় বুলিও স্পষ্টভাৱে জনাই দিয়ে ৷

আসন ভাগ-বটোৱাৰাক লৈ নীতিশ কুমাৰৰ এই শেহতীয়া অটল স্থিতিৰ পৰিপ্ৰেক্ষিত বিহাৰত এন ডি এৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকি আহিছে ৷ বিজেপিও চৰম শ’লঠেকত পৰিছে ৷

আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

ইতিপূৰ্বে বিজেপিয়ে জে ডি(ইউ)ৰ বাবে ১২খন আসন এৰি দিয়াৰ লগতে এন ডি এৰ আন মিত্ৰদল ৰামবিলাস পাছোৱানৰ লোক জনশক্তি পাৰ্টীক ৬খন আৰু উপেন্দ্ৰ কুশ্বোৱাহাৰ আৰ এল এছ পি দলক দুখন আসন এৰি দিয়াৰ সিদ্ধান্ত লৈছিল ৷

বিজেপিয়ে নিজৰ বাবে ৰাখিছিল ২০খন আসন ৷ ফলত বিজেপিৰ এই প্ৰস্তাৱত তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছিল মুখ্য মন্ত্ৰী নীতিশ কুমাৰে ৷

বিজেপিৰ অভিমত, নীতিশ কুমাৰে অধিক আসন দাবী কৰিছে ৷ নীতিশ কুমাৰৰ দাবীক অমিত শ্বাহে এতিয়াও মানি লোৱা নাই ৷ বৰং সহযোগী ৰামবিলাস পাছোৱান আৰু উপেন্দ্ৰ কুশ্বোৱাহাৰ দলৰ লগত কথা পাতি চূড়ান্ত সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিছে ৷

আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

কিন্তু তাৰ ফলতো বিৰোধৰ নিষ্পত্তি হোৱাৰ কোনো সম্ভাৱনা নাই ৷ বৰং এই শেষোক্ত দুটা দলে পৰিস্থিতিৰ সুযোগ লৈ অধিক আসন দাবী কৰাৰ সম্ভাৱনাহে অধিক ৷ ইতিপূৰ্বে বিজেপিৰ সহযোগী তথা কেন্দ্ৰীয় মন্ত্ৰী উপেন্দ্ৰ কুশ্বোৱাহাই অমিত শ্বাহহঁতৰ অস্বস্তি বঢ়াই কৈছে যে এন ডি এৰ ভালেমান সহযোগী দলেই নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধান মন্ত্ৰী হিচাপে নিবিচাৰে ৷

কেৱল সেয়াই নহয়, বিৰোধী আৰ জে ডিৰ সৈতেও বুজাবুজিৰ পথ মুকলি ৰাখি কৈছে, ‘যদি যাদৱসকলৰ গাখীৰ আৰু কুশ্বোৱাহাসকলৰ চাউল থাকে তেনেহ’লে সুস্বাদু পায়স ৰান্ধিব পাৰি ৷’

আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

ইতিমধ্যে অমিত শ্বাহে নিৰ্দেশ অনুসৰি বিহাৰ বিজেপিৰ জ্যেষ্ঠ নেতা ভূপেন্দ্ৰ যাদৱে ৰামবিলাস পাছোৱান আৰু উপেন্দ্ৰ কুশ্বোৱাহাৰ লগত আলোচনাত বহিবলৈ সাজু হৈছে ৷
যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিহাৰত বিজেপিয়ে ২২খন আসনত জয়লাভ কৰিছিল ৷ আনহাতে, নীতিশ কুমাৰৰ দলে ৩৮খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ দুখন আসনত জয়লাভ কৰিছিল ৷

সেইবাৰ মোডী ঢৌত জে ডি (ইউ)ৰ শোচনীয় পৰাজয় ঘটিলেও বিধানসভা নিৰ্বাচনত বিজেপি শোচনীয় ফলাফলৰ সন্মুখী হৈছিল ৷ শেহতীয়াভাৱে নীতিশ কুমাৰে ১৭খন আসনৰ বাবে আঁকোৰগোজ স্থিতি গ্ৰহণ কৰাত অমিত শ্বাহে কেন্দ্ৰীয় বিত্তমন্ত্ৰী অৰুণ জেটলিৰে কথা পাতে ৷

আসন ভাগ-বটোৱাৰাক লৈ বিহাৰত বিজেপি-জে ডি (ইউ)ৰ সংঘাত তীব্ৰ

জেটলিৰ সৈতে নীতিশ কুমাৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ ৷ সেয়ে জেটলিৰ হতুৱাই নীতিশ কুমাৰক বুজাবুজিত অহাৰ বাবে সৈমান কৰাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে ৷ কিন্তু মুখ্য মন্ত্ৰী নীতিশ কুমাৰে কমেও ১৫খন আসনৰ বাহিৰে যে কোনো আপোচ নকৰে সেয়াও ইতিমধ্যে স্পষ্ট কৰি দিছে ৷

ফলত বিহাৰত এন ডি এৰ বিভাজনৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে ৷

Your Comments