হিমন্ত চৰকাৰে অসমত কৰা এনকাউণ্টাৰৰ তথ্য বিচাৰি বিধানসভাত অখিলৰ প্ৰশ্ন, উত্তৰ কি দিলে পঢ়ক

A

নিউজ ডেস্ক:
অসম আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু আৰু শেহতীয়াভাৱে ৰাজ্যত সংঘটিত এনকাউণ্টাৰৰ তথ্য বিচাৰি অসম বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ লিখিত প্ৰশ্ন।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ দায়িত্ব লোৱাৰ পৰা(২০২১বৰ্ষৰ ১জুনৰ পৰা উক্তবর্ষৰ ৩ডিচেম্বৰলৈ) ৰাজ্যত ৬১টা এনকাউণ্টাৰ সংঘটিত হৈছে।১২জনকৈ অভিযুক্তৰ এনকাউণ্টাৰত মৃত্যু হৈছে আৰু ৪৯গৰাকী আঘাতপ্ৰাপ্ত হৈছে।
ইফালে গগৈয়ে গৃহবিভাগে প্ৰদান কৰা তথ্য সঠিক নহয় বুলি উল্লেখ কৰি   কয় যে -মুখ্যমন্ত্ৰী শৰ্মাই শাসনৰ দায়িত্ব লোৱাৰে পৰা অসমত ১১০টাতকৈ অধিক এনকাউণ্টাৰ  সংঘটিত হৈছে।আজিৰ দিনটোলৈ ৩৫জন এনকাউণ্টাৰত মৃত্যু হৈছে কিন্তু বিধানসভাত কমকৈ তথ্য প্ৰদান কৰিছে  ।
আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু বা আঘাতপ্ৰাপ্ত ব্যক্তিৰ গোচৰ তৰা হৈছে নেকি বুলি সোধা প্ৰশ্নত গৃহবিভাগে সঠিক উত্তৰ দিব পৰা নাই অৰ্থাৎ গোচৰ তৰা নাই সেই কথা স্পষ্ট হৈছে অখিলে কয়।
আনহাতে আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যু হলে তাত বাধ্যতামূলক ভাৱে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ’ব লাগে।কিন্তু চৰকাৰে দিয়া তথ্য মতে ৬১টা এনকাউণ্টাৰৰ ১৬টাহে বর্তমানলৈ তদন্ত কৰিছে বুলি গগৈয়ে কয়।

Your Comments