ৰঙিয়াৰ সমাজকৰ্মী বৃক্ষবন্ধু অৰুণ কলিতাৰ মৃত্যু

A

B

নিউজ ডেস্ক:
ৰঙিয়াৰ আঠাৰা নিৱাসী সমাজহিতৈষী তথা বৃক্ষপ্ৰেমী অৰুণ কলিতাই কালি গুৱাহাটীৰ পুত্ৰৰ ঘৰত ইহলীলা সম্বৰণ কৰে ৷কিছুদিনৰ পৰা স্নায়বিক ৰোগত ভুগি থকা কলিতাই মৃত্যুৰ সময়ত পত্নী ,দুগৰাকী কন্যা আৰু পুত্ৰক এৰি থৈ গৈছে ৷উল্লেখ্য যে প্ৰয়াত কলিতা এগৰাকী প্ৰকৃতিবান্ধৱ লোক আছিল ৷তেওঁ ২৫ বছৰ  চাইকেলৰ দুয়োফালে ডাঙৰ ডাঙৰ মোনাত গছপুলি কঢ়িয়াই  মানুহক বৃক্ষৰোপণৰ বাবে সজাগ কৰি ফুৰিছিল ৷গুৰুত্বপূৰ্ণ কথা এই যে; বিজ্ঞানমনস্ক ব্যক্তি কলিতাই মৃত্যুৰ পিছতো পৃথিৱী খন চোৱাৰ হেঁপাহেৰে ২০১৩ চনত ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মৰোণোত্তৰভাৱে নেত্ৰদান আৰু দেহদানৰ  ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি থৈ গৈছে ৷ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া সমিতিয়ে সমাজহিতৈষী কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধা জ্ঞাপন কৰে ৷উল্লেখ্য যে কালি আবেলি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ  চিকিৎসকৰ এটা দলে তেওঁৰ চকুৰ কৰ্ণিয়া সংগ্ৰহ কৰি লৈ যায় ৷ আনহাতে মৰোণোত্তৰ দেহদানৰ অন্তিম ইচ্ছা পূৰণৰ উদ্দেশ্যে আজি  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাটমী বিভাগক কলিতাৰ নশ্বৰ দেহ গটাই দিয়া হয়  ৷

Your Comments