মোডীৰ সমালোচনাত মুখৰ অমৰ্ত্য সেন

 news

নিউজ ডেস্কঃ- ভাৰতক ধ্বংসৰ গৰাহলৈ লৈ গৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে। এই মন্তব্য আগবঢ়াইছে ন’বেল বঁটা বিজয়ী প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেনে। প্ৰধান মন্ত্ৰী মোডীয়ে অনুসৰণ কৰা অৰ্থনৈতিক নীতিৰ তীক্ষ্ণ সমালোচনা কৰি অৰ্থনীতিবিদগৰাকীয়ে কয়- ‘মোডী চৰকাৰে ভুল পথত খোজ দি দেশখনক বৰবাদ কৰি আছে। অৰ্থনৈতিক ক্ষেত্ৰত দেশখন আগুৱাই যোৱাৰহে কথা। কিন্তু মোডী চৰকাৰে ভুল পথ বাছি লোৱা বাবে ভাৰতীয় অৰ্থনীতি ক্ৰমশঃ পিছুৱাই গৈ আছে। ২০১৪ চনৰ পৰাই এই প্ৰৱণতা দেখা গৈছে।’ প্ৰখ্যাত অৰ্থনীতিবিদগৰাকীয়ে লগতে কয় যে ২০১৪ চনৰ পৰা অৰ্থনৈতিক ক্ষেত্ৰত যিবোৰ ঘটি আছে সকলো ভুল। গতিশীল অৰ্থনীতিৰ দিশে আগবাঢ়িবলৈ গৈ মোডী চৰকাৰে ভুল পথ বাছি লৈছে। সেই কাৰণেই ভাৰত ক্ৰমাৎ পিছুৱাই গৈ তলত অৱস্থান কৰিছে। দ্ৰুত বিকাশৰ দেশ হিচাপে ভাৰতৰ স্থান এতিয়া পাকিস্তানৰ ওপৰতহে। অথচ শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান প্ৰভৃতি দেশবোৰৰ স্থান ভাৰতৰ ওপৰত। বৰ্তমান এই উপ-মহাদেশত ভাৰতে দ্বিতীয় নিম্নতম স্থানত অৱস্থান কৰি আছে বুলিও তেওঁ লগতে উনুকিয়ায়। যোৱা দেওবাৰে নতুন দিল্লীত তেওঁৰ এখন গ্ৰন্থ উন্মোচনী সভাত ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে এই মন্তব্য কৰে। উক্ত অনুষ্ঠানত মোডী চৰকাৰৰ অৰ্থনৈতিক নীতিক তীব্ৰ আক্ৰমণ কৰাৰ লগতে বিজেপিৰ জাত-পাত আৰু ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিকো তেওঁ চোকা ভাষাৰে সমালোচনা কৰে।

Your Comments