২২মাৰ্চৰ পৰা সাংবাদিক -সংবাদকর্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত কোভিডৰ বুষ্টাৰ ডজ

A

নিউজ ডেস্ক:

গুৱাহাটী মহানগৰীত কৰ্তব্যৰত সাংবাদিক-সংবাদকৰ্মীৰ বাবে ভাল খবৰ।গুৱাহাটী প্ৰেছ ক্লাৱত অহা ২২মাৰ্চৰ পৰা প্ৰদান কৰা হ’ব কোভিড-১৯ৰ বুষ্টাৰ ডজ।কোভিড বিৰোধী যুঁজত গুৱাহাটী প্ৰেছ ক্লাৱে পূৰ্বতে সাংবাদিক-সংবাদকৰ্মী সকলক সফলতাৰে প্ৰদান কৰিছিল কোভিড ভেকচিনৰ দুটা ড’জ।এই কথা জনাইছে প্ৰেছ ক্লাবটোৰ কৰ্তৃপক্ষই।উল্লেখ্য যে কোভিড সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ড’জ। ২২মার্চৰ পৰা আয়োজিত শিবিৰত সংবাদকর্মী-সাংবাদিকসকলক অংশ লোৱাৰ আহ্বান জনাইছে  গুৱাহাটী প্ৰেছ ক্লাব কৰ্তৃপক্ষই।

Your Comments