নিৰ্দিষ্ট জাতিৰ বাবে নহয়, আমি সমাজৰ হকে কাম কৰিম- মুছলিম পাৰ্চনেল ল' বৰ্ডৰ নৱ-নিৰ্বাচিত সভাপতি

A

নিউজ ডেস্ক:

মুছলিম পাৰ্চনেল ল' বৰ্ড(Muslim Personal Law board)ৰ অসম ৰাজ্যিক সমিতি গঠন।চাৰিজনীয়া নেতৃত্বৰে ৰাজ্যিক সমিতিখন ঘোষণা কৰে ভাৰতীয় মুছলিম পাৰ্চনেল ল' বর্ডে।শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত কেন্দ্ৰীয় বৰ্ডৰ সাধাৰণ সম্পাদক ডঃ মুইন আহমেদে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৰাজ্যিক সমিতিখন।অসম ৰাজ্যিক সমিতিৰ সভাপতি মুস্তাফা কামাল আজাৰি, সাধাৰণ সম্পাদক কবাদ হুছেইন শইকীয়াক দায়িত্ব অৰ্পণ কৰা হৈছে।ইয়াৰ উপৰিও কোষাধক্ষ্যৰ দ্বায়িত্ব মুস্তাফা কামালক দিয়া হৈছে।মুছলমান সমাজক অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত কৰি উপযুক্ত শিক্ষাৰে আগবঢ়াই নিয়া বৰ্ডৰ মূল লক্ষ্য।
আনহাতে, নতুন সমিতি ঘোষণাৰ পিছতে নৱ নিৰ্বাচিত ৰাজ্যিক সমিতিৰ সভাপতি মুস্তাফা কামাল আজাৰিয়ে কয়- অসমত হিন্দু-মুছলমানৰ দীৰ্ঘদিনীয়া বন্ধুত্ব পূৰ্ণ সম্পৰ্ক অধিক দৃঢ় কৰাৰ লগতে ভাতৃত্ববোধেৰে জীয়াই থাকিব লাগিব।তাৰ বাবে কাম কৰিম।
"আমাৰ গাত ভুল আছে।একাংশ মুছলমান ব্যক্তিৰ বাবে বদনাম হয়।বিপথে পৰিচালিত কৰা হয় উপযুক্ত শিক্ষাৰ অভাৱৰ বাবে।মুছলমান সমাজৰ পৰাও চিকিৎসক- অভিযন্তাৰ সৃষ্টি হ’ব লাগে।অদৰকাৰী বিষয়ত কাজিয়া লাগি থাকিব নালাগে"- নৱ নিৰ্বাচিত সভাপতি মুস্তাফাই কয়।লগতে ধৰ্মৰ নামত ব্যৱসায় হ’ব নালাগে।মুছলমান সমাজত একাংশ মুছলমান পণ্ডিতে ধৰ্মক লৈ ব্যৱসায় কৰিছে।অকল মুছলমানৰ বাবে কাম হ’ব নালাগে।দেশ তথা সমাজৰ বাবে কাম কৰিলেহে আগবাঢ়িব পাৰিম।এটা জাতিক লৈ কাম কৰিলে আগবাঢ়িব নোৱাৰিম- তেওঁ কয়।
উল্লেখ্য যে ,পূৰ্বতে ৰাজ্যিক সমিতি মুফটি মুকিবৰ ৰহমানৰ নেতৃত্বত আছিল।কিন্তু কমিটিৰ নীতি নিয়ম ভংগ কৰাৰ অভিযোগত উক্ত কমিটিখন ভংগ হয়।সভাপতি বৰ্খাস্ত কৰি পুনৰ নতুন সমিতি গঠন কৰা বুলি নৱ-নিৰ্বাচিত সভাপতিয়ে কয়।
গুৱাহাটী প্ৰেছ ক্লাৱৰ নতুন সমিতি গঠনত উপস্থিত থাকে কেন্দ্ৰীয় বৰ্ডৰ সভাপতি ইউছুফ আজিজ, সম্পাদক ড০ মুইন আহমেদৰ লগতে বহু কেইগৰাকী ব্যক্তি।

Your Comments