মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰতিমূৰ্তিত চেণ্ডেলৰ মালা পিন্ধাই গুৱাহাটীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

A

নিউজ ডেস্ক: 
গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি যুৱ কংগ্ৰেছৰ প্ৰতিবাদ।উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাই কৰা তীৰ্যক মন্তব্য উঠাই লোৱাৰ দাবী জনাই সাব্যস্ত কৰে এই প্ৰতিবাদ।মুখ্যমন্ত্ৰী শৰ্মাৰ ফটো সম্বলিত প্ৰতিকৃতিত চেণ্ডেলৰ মালা লগাই যুৱ কংগ্ৰেছী সকলে দাহ কৰে।হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ, বিজেপি হায় হায়, ৰাহুল গান্ধী জিন্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে যুৱ কংগ্ৰেছীসকলে।অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাতুল পাটোৱাৰীয়ে প্ৰতিবাদত অংশ গ্ৰহণ কৰি কয়-ভাৰতীয় সংস্কৃতিৰ সভ্যতা পাহৰি গৈছে মুখ্যমন্ত্ৰীয়ে।ৰাহুল গান্ধী প্ৰয়াত পিতৃ ৰাজীৱ গান্ধী সন্তান হয় জানো বুলি প্ৰশ্ন কৰি অসমবাসীৰ সন্মান দেশবাসীৰ ওচৰত ম্লান কৰিছে।এগৰাকী ৰাজ্যৰ মূৰব্বীৰ মুখত এনেধৰণৰ অশ্লীল মন্তৱ্য  শোভা নাপায়।যুৱ কংগ্ৰেছীসকলে মুখ্যমন্ত্ৰীৰ এনেধৰণৰ মন্তব্য উঠাই লোৱাৰ লগতে ক্ষমা খোজাৰো দাবী জনায় ৷ইফালে মুখ্যমন্ত্ৰীয়ে দাবী মানি নললে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও কাৰ্যকৰি সভাপতি গৰাকীয়ে সকীয়াই দিয়ে।

Your Comments