
নিউজ ডেস্ক:
অসম আৰক্ষীৰ এটা বৃহৎ দল আজি পুৱাই ৰাওনা হৈছে পাঞ্জাৱলৈ।পাঞ্জাৱ বিধানসভা নিৰ্বাচনত কৰ্তব্য ৰূপায়ণৰ বাবে ৰাওনা অসম আৰক্ষীৰ বৃহৎ দলটো।গুৱাহাটী ৰেল ষ্টেচনৰ পৰা ৰেল যোগে ৰাওনা হৈছে আৰক্ষীৰ দলটো।অসম আৰক্ষী শীর্ষ বিষয়াই গুৱাহাটী ৰেল ষ্টেচনত শুভেচ্ছা জনায় অসম আৰক্ষীৰ দলটোক।
ইফালে অতিৰিক্ত সঞ্চালক প্রধান জি পি সিঙেও টুইট যোগে শুভেচ্ছা জনাইছে আৰক্ষীৰ দলটোক।উল্লেখ্য যে ২০ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব পাঞ্জাৱ বিধানসভা নিৰ্বাচন ।১০মাৰ্চত ঘোষণা হ’ব ফলাফল।
- Log in to post comments
- 48 views