সত্যৰ সদায় জয় হয়- গুলিবিদ্ধ কীৰ্তি কমল বৰা

A

নিউজ ডেস্ক:

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা নগাঁৱত ভুৱা এনকাউণ্টাৰৰ বলি হোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাই ৰাজ্য চৰকাৰৰ তদন্তৰ প্ৰতিবেদনক ধন্যবাদ জনাই কয় যে ,- 'সত্যৰ সদায় জয় হয়'।
'মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নির্দেশত অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তৎকালীন ভাৱে তদন্ত চলাই যি প্ৰতিবেদন দাখিল কৰিলে তাত মই সুখী।মোৰ লগত হোৱা ভুল এনকাউণ্টাৰক তেওঁলোকে ভুল বুলি কৈ ন্যায় দিছে'- গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ বিচনাৰ পৰা এই মন্তৱ্য প্ৰকাশ কৰে গুলিবিদ্ধ প্ৰাক্তন ছাত্ৰ নেতা বৰাই।
উল্লেখ্য যে ,সোভৰিত গুলিবিদ্ধ ছাত্ৰ নেতা গৰাকীৰ ইতিমধ্যে অস্ত্ৰোপচাৰ সম্পন্ন হৈছে।চৰকাৰৰ তদন্তৰ প্ৰতিবেদনত এনকাউণ্টাৰত আৰক্ষীৰ ভুল থকাৰ কথা মঙলবাৰে স্পষ্ট হৈছে।তাৰ পাছতে ৰাজ্যজুৰি নগাঁৱৰ আৰক্ষী অধীক্ষক তথা ঘটনাৰ লগত জড়িত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে।

Your Comments