নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীত পুনৰ ৰহস্যজনক অৱস্থাত এগৰাকী ৬০ৰ ঊৰ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে।ঘৰৰ ভিতৰত নিশা কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ যোৱাৰ সন্দেহ স্থানীয় লোকৰ।যোৱা নিশা সংঘটিত হৈছে ৰহস্যজনক হত্যাকাণ্ডটো।প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ কালাপাহাৰ গোপীনাথ নগৰৰ তাৰা হীৰা কম্প্লেক্সৰ স্বত্বাধিকাৰী মৃত অনু হাজৰিকা নামৰ মহিলাগৰাকী।উল্লেখ্য যে এগৰাকী কেয়াৰটেকাৰৰ সৈতে বসবাস কৰিছিল বৃদ্ধা মহিলা গৰাকী।
দেওবাৰে নিশা দুৰ্বৃত্তই মহিলা গৰাকীক হত্যা কৰি যোৱাৰ সন্দেহ স্থানীয় লোকৰ।মৃত মহিলাগৰাকীৰ ঘৰৰ ধন-সোণ লুটি লৈ যোৱাৰ লগতে আঁচ-বাব আৰু চিচিটিভি ভাঙি থৈ যোৱা অৱস্থাত উদ্ধাৰ হৈছে।ফটাশিল আৰক্ষী থানাৰ অন্তৰ্গত কম্প্লেক্সটোত মহিলা গৰাকী বিগত ৫বছৰে অকলে বাস কৰি আহিছিল।আনহাতে মৃতদেহ আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।আৰক্ষীয়ে হত্যাকাণ্ড হয় নে নহয় তাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
- Log in to post comments
- 8 views