নিউজ ডেস্ক:
হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ এক গোপন সুত্ৰৰ পম খেদি ডবকা আৰক্ষীয়ে জব্দ কৰে ২০ হাজাৰ টা নিচাজাতীয় টেবলেট৷প্ৰতিটো টেবলেটৰ মূল্য প্ৰায় এহেজাৰ টকা বুলি জানিব পৰা গৈছে ৷
টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় দুই কোটিৰো অধিক ৷
ইম্ফলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা AR 20 6300 নম্বৰৰ নৈশ বাছৰ পৰা জব্দ টেবলেট খিনি৷
উল্লেখ্য যে ,আৰক্ষীয়ে তিনিজন নিচাজাতীয় টেবলেট সৰবৰাহকাৰীক ঘটনাস্থলীৰ পৰা আটক কৰে৷
ধৃত লোককেইজন ক্ৰমে জীৱন মিথাই, আলীম উদ্দিন আৰু আব্দুৰ ৰহমান৷ তিনিজনৰে ঘৰ মনিপুৰত৷
- Log in to post comments
- 6 views