নিউজ ডেস্ক:
নলবাৰীৰ গৰ্ডণ খেল পথাৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হয় (ক্ষিপ্ৰ আদায়কাৰী শিতান ) অসম মাইক্ৰফাইনেন্স উদগনি আৰু ৰেহাই আচনি,২০২১ ৰ শুভাৰম্ভণি অনুষ্ঠান। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠান মুকলি কৰে।অনুষ্ঠানৰ প্ৰাকক্ষনত কোকিলকণ্ঠী গায়িকা,ভাৰত ৰত্ন স্বৰ্গীয় লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীক সহযোগ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওঁগ,পৰিবহন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ,খাদ্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচীৱ তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা,সাংসদ কুইন ওজা,বিধায়ক ভূপেন বড়ো,বিজেপি জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিলীপ কুমাৰ দাস,জিলা উপায়ুক্ত গীতিমনি ফুকনৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু হিতাধিকাৰী সকলে।
নলবাৰী জিলাত বিভিন্ন মাইক্ৰফাইনেন্সৰ পৰা ঋণ লৈ নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা ৫০০০ হিতাধিকাৰীক আজি চেক বিতৰণ কৰে। প্ৰায় ৪১,০০০ মহিলাৰ হিতাধিকাৰী আছে নলবাৰী জিলাত । ভাষনত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে নিৰ্বাচনৰ সময়ত ৰাজ্যৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পালন কৰি আহিছে।এই মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ এক উল্লেখযোগ্য প্ৰতিশ্ৰুতি আছিল। সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ্থে মহিলা সকলক চেক বিতৰণ কৰা হয় । আজি চেক নপোৱা হিতাধিকাৰী সকলে অতি শীঘ্ৰে পৰ্যায় ক্ৰমে তেওঁলোকৰ চেকসমূহ পাব বুলি উল্লেখ কৰে ৷
- Log in to post comments
- 22 views