নিউজ ডেস্ক:
অপৰাধ সংঘটিত কৰা বিলাসী বাহনত ঘূৰি ফুৰি হাতীগাঁও আৰক্ষীৰ জালত পৰিল মুছলিম জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি মতিআৰ ৰহমান।নিজক ৱেব পৰ্টেলৰ সাংবাদিক বুলি আৰক্ষীক পৰিচয় দিয়ে ধৃত মতিআৰে।উল্লেখ্য যে আৰক্ষীয়ে প্রকাশ কৰা মতে ৰহমানে ব্যৱহাৰ কৰা বাহনখনৰ নাই কোনো নথি পত্ৰ। HR 19F 0036 নম্বৰৰ ইনোভা বাহনখনৰ ভিতৰত এগৰাকী যুৱতীক পূর্বতে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ আছিল ৰহমানৰ বিৰুদ্ধে।তাৰ পাচৰে পৰা হোজাই আৰক্ষীয়ে বিচাৰি আছিল বাহনখন।হোজাই থানাত ৰুজু হৈ আছিল গোচৰ।
আনহাতে আৰক্ষীয়ে হাতীগাঁৱত মটিআৰ ৰহমান আৰু অশ্ৰাফুল ৰহমান নামৰ লোক দুজনৰ সৈতে জব্দ কৰে ইনোভা বাহনখন। ভাৰতীয় দণ্ডবিধি আইনৰ 406/420/468/376(B) /506 ধাৰাত হোজাই থানাত ৰুজু হৈছিল 685/21 নম্বৰৰ গোচৰ। হাতীগাঁও আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
- Log in to post comments
- 10 views