মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চান্দা-ধনদাবী সকলো এটা মুদ্ৰাৰ দুটা পিঠি- শংকৰজ্যোতি বৰুৱা

A

নিউজ ডেস্ক:

"সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকিবৰ বাবে চৰকাৰে পোহপাল দি থকা এগৰাকী ব্যক্তি শ্বেৰমান আলি আহমেদ।সাম্প্ৰদায়িক ৰাজনীতিৰে মানুহৰ মাজত বিভাজনেৰে শাসকীয় পক্ষক লাভান্বিত কৰি থাকে" -এই মন্তৱ্য আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ।কংগ্ৰেছৰ নিলম্বিত বাঘবৰৰ বিধায়ক জনে শেহতীয়াভাৱে অবৈধ ভূমি দখলকাৰী সন্দৰ্ভত কৰা ৰাজহুৱা মন্তৱ্যৰ প্ৰসংগত বৃহস্পতিবাৰে সাংবাদিকে সোধা প্ৰশ্নত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়- শাসকীয় পক্ষৰ দ্বাৰা লালিত-পালিত মানুহ তেওঁলোকে সদায় ধৰ্মীয় ৰাজনীতিৰে শাসকীয় পক্ষক লাভান্বিত কৰাৰ চিন্তা মনত পুহি ৰাখিছে।এনে মন্তৱ্যত কোনো ভুল যাব নালাগে আৰু সাম্প্ৰদায়িক সংঘৰ্ষ কৰিব নালাগে।

প্ৰশাসনে  বিতৰ্কিত বিধায়ক গৰাকীৰ প্ৰত্যাহ্বানক গ্ৰহনেৰে সৎ সাহস দেখুৱাওক।অন্যথা স্পষ্ট হ'ব চৰকাৰী পক্ষৰ দ্বাৰা লালিত শ্বেৰমান আলি বুলি।ভাতৃঘাটি সংঘাত সৃষ্টিৰ উদ্দেশ্য লৈয়ে বিভিন্ন বিতৰ্কিত মন্তব্য দি থকা বুলিও বৰুৱাই কয়।

আনহাতে চান্দাৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা বিষয়ত আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়-পানবজাৰ থানাত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ব লগা ব্যক্তিয়ে চান্দা বন্ধ কৰাৰ কথা কলে হাঁহি উঠে।অন্য ব্যক্তিয়ে কোৱা হলে গ্ৰহণ কৰিলে হেঁতেন।বামুনিমৈদামস্থিত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত মুখ্যমন্ত্ৰীয়ে চান্দা বন্ধ কৰা প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্নত বৰুৱাই কয়- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চান্দা, ধন দাবী এইসকলো বিলাক এটা মুদ্ৰা দুটা পিঠি।

Your Comments