অখিল গগৈৰ সাক্ষাৎ মুখ্যমন্ত্ৰীক: শিৱসাগৰৰ বাবে বাজেটত ২০০কোটি প্ৰদানৰ প্ৰস্তাৱ

A

নিউজ ডেস্ক:

ৰাজ্যিক বাজেটত শিৱসাগৰৰ উন্নয়নৰ বাবে নিৰ্দিষ্ট পুঁজি ধাৰ্যৰ দাবীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ বিধায়ক অখিল গগৈৰ।২০২২-২৩ বাজেটত শিৱসাগৰৰ উন্নয়নৰ বাবে বহুকেইটা আচঁনি দাবী কৰি স্মাৰক পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীক।দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰীক দাখিল কৰা স্মাৰক পত্ৰত বিধায়ক গগৈয়ে কয়-শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে এক কোটি টকা নিৰ্ধাৰণ কৰিব লাগে।একেদৰে পৰ্যটন ক্ষেত্ৰৰ বাবে ২০কোটি টকাৰ আৱন্টন।
ইয়াৰ উপৰিও পাব্লিক টয়লেট আৰু চাইন ব’ৰ্ড নিৰ্মানৰ বাবে ১কোটি টকাৰ দাবী বিধায়ক গগৈৰ।

আনহাতে শিৱসাগৰ মেডিকেল কলেজখন যাতে বেলেগলৈ নাযায় তাকো স্পষ্টভাবে  স্মাৰক পত্ৰত উল্লেখ কৰিছে।শিৱসাগৰ অসামৰিক চিকিৎসালয়ক মেডিকেল কলেজলৈ উন্নীতকৰণৰ দাবী অখিলৰ।

ঐতিহ্যপ্ৰসিদ্ধ তলাতল ঘৰত লাইট আৰু শব্দ ব্যৱস্থা কৰাৰ বাবে ৫কোটি টকাৰ দাবী।

৬ কোটি ২৭লাখ টকা নগৰীয়া পানী যোগানৰ ব্যৱস্থা কৰা।

বাজেটৰ প্ৰতিশ্ৰুতি অনুসৰি টাই মিউজিয়ামক অত্যাধুনিক কৰি গঢ়ি তোলা।

বিদ্যালয়ৰ আন্তঃগাঁথনি মেৰামতিৰ বাবেও পুঁজি প্ৰদান কৰাৰ দাবী গগৈৰ।১০১খন প্ৰাথমিক বিদ্যালয়, ৯খন এম ভি স্কুল, ২খন এম ই স্কুল, ৫০ খন হাইস্কুলৰ  মেৰামতি কৰোৱাৰ দাবী।ইয়াৰ উপৰিও ১৩৪টা আধা ধ্বংস হোৱা আৰু ৩৪টা সম্পূৰ্ন ধ্বংস হোৱা অঙ্গনবাড়ী কেন্দ্ৰৰ মেৰামতিৰ দাবী বিধায়ক গৰাকীৰ।

উল্লেখ্য যে শিৱসাগৰৰ উন্নয়নৰ বাবে প্ৰায় ২০০ কোটি টকাৰ প্ৰজেক্টৰ প্ৰস্তাৱ স্মাৰক পত্ৰ যোগে বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰীক দাখিল কৰিছে।

সমষ্টিটোত ৫৫লাখ ৭০হাজাৰ টকা ষ্ট্ৰীট লাইটৰ বাবে বাজেটত নিৰ্ধাৰণ কৰাৰো দাবী জনায় তেওঁ। 

ইয়াৰ উপৰিও ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰত ষ্টেডিয়াম স্থাপনৰ প্ৰস্তাৱ।উল্লেখ্য যে বৰ্তমান এখনো ষ্টেডিয়াম নাই সমষ্টিটোত।

আনহাতে মুখ্যমন্ত্ৰীয়ে বিধায়ক গৰাকীয়ে দাবী কৰা প্ৰতিটো কথাৰ উত্তৰ যোগাত্মকভাৱে দিয়া বুলি তেওঁ কয়।

Your Comments