এবছৰলৈ বৃদ্ধি অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিৰ কাৰ্যকাল; নাৰায়ণপুৰ অধিৱেশন ২০২৩ত

A

নিউজ ডেস্ক:

অসম সাহিত্য সভাৰ নেতৃত্ব কেন্দ্ৰীক সংঘাতৰ মাজতে এবছৰলৈ বৃদ্ধি বৰ্তমানৰ সমিতিৰ কাৰ্যকাল।সভাপতিৰ আসনক লৈ সভাৰ ভিতৰত চলি থকা শীতল যুদ্ধৰ বাবেই নিৰ্ধাৰিত সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা সমিতিয়ে এবছৰলৈ পিছুৱালে নাৰায়ণপুৰ অধিৱেশন।উল্লেখ্য যে যোৱা ৩১জানুৱাৰীৰ পৰা হ’ব লগা কথা আছিল নাৰায়ণপুৰ অধিৱেশন।ক’ভিডৰ পৰিৱেশৰ বাবে অধিৱেশনখন অহা বর্ষৰ ৩১জানুৱাৰীৰ পৰা ৪ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব বুলি সংবাদমেলত সভাপতি ডঃ কুলধৰ শইকীয়াই কয়।বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত হোৱা সিদ্ধান্ত মৰ্মে নাৰায়ণপুৰৰ অধিৱেশন নোহোৱা পৰ্যন্ত বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল বাহাল থাকিব।একেদৰে সাহিত্য সভা জিলা সমিতিসমূহো বাহাল থাকিব।প্ৰতিনিধি সভাক নাৰায়ণপুৰ আদৰণি সমিতিয়ে অধিৱেশনখন চলিত বৰ্ষত অনুষ্ঠিত কৰিব নোৱাৰাৰ কথা লিখিত আকাৰে  প্ৰতিবেদন দাখিল কৰা বুলিও সভাপতি শইকীয়াই কয়।

সাহিত্য সভা কাৰ্যনিৰ্বাহকসকলৰ ওপৰিও বিভিন্ন জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল ২০২৩বৰ্ষৰ ৪ ফেব্ৰুৱাৰীতকৈ অধিক হ’ব নোৱাৰিব।সভাৰ সংবিধান মৰ্মে এই সিদ্ধান্ত লোৱা বুলিও তেওঁ সংবাদমেলত কয়।

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবেই যোৱা নৱেম্বৰত সভা নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা বুলি উল্লেখ কৰে শইকীয়াই।নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গঠন কৰিব লগা নিৰ্বাচনী কমিটি গঠনৰ অসুবিধাৰ বাবেই মূলত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগল বুলি তেওঁ কয়। 

আনহাতে সাহিত্য সভাৰ কৰ্মচাৰীৰ বন্ধ হৈ থকা দৰমহা প্ৰদানৰ সন্দৰ্ভতো প্ৰতিনিধি সভাত আলোচনা হোৱা বুলি সংবাদমেলত অৱগত কৰে শইকীয়াই ৷

Your Comments