
নিউজ ডেস্ক:
অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙে ৰাজ্যৰ তিনিটা দুধর্ষ গঁড় চোৰাং চিকাৰীৰ সন্ধানত ৰাইজৰ পৰা বিচাৰিছে সঁহাৰি।আজি টুইটাৰৰ জৰিয়তে সন্ধান দিওটাক ২লাখ টকা পুৰস্কাৰ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।ধৃত তিনিটা চোৰাং চিকাৰী ক্ৰমে- বিশ্বনাথৰ চটিয়া থানাৰ অন্তৰ্গত আছমত আলি ওৰফে নালকো(৩৫), আটাও ৰহমান ওৰফে বাছা(৩৫), আব্দুল মটিন ওৰফে কালা(৩৫)।
উল্লেখ্য যে গঁড়ৰ খৰ্গসহ উদ্ধাৰ হ’ব পৰাকৈ সন্ধান দিওটাক ৫ লাখ টকা প্ৰদান কৰিব বুলিও আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়।
তাৎপৰ্যপুৰ্ণ কথা এই যে , প্ৰতিজন খবৰ দিওঁতাকে ২লাখকৈ পুৰস্কাৰ প্ৰদান কৰিব আৰক্ষীয়ে।
- Log in to post comments
- 10 views