হাজোৰ কেতেকীবাড়ীত চুৰিকাণ্ড: লুটি নিলে পঞ্চাশ হেজাৰ নগদ ধন সহ সোণৰ আ-অলংকাৰ

A

নিউজ ডেস্ক:

কামৰূপ জিলাৰ হাজো আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কেতেকীবাড়ীত কালি সংঘটিত ৰহস্যজনক এক চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ অহাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। চুৰিকাণ্ড সংঘটিত হৈছে দক্ষিণ কেতেকীবাড়ীৰ বাসিন্দা তথা বৰম্বৈ কৃষ্ণ হোটেলৰ স্বত্বাধিকাৰী নৃপেন পাটোৱাৰীৰ বাসগৃহত। চোৰে বাসগৃহৰ ভিতৰৰ গডৰেজৰ পৰা নগদ পঞ্চাশ হেজাৰ টকা সহ প্ৰায় ডেৰ লক্ষাধিক মূল্যৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে। এই চুৰিকাণ্ড ভ্ৰাম্যমাণ জগতৰ প্ৰথম শ্ৰেণীৰ নাট্যগোষ্ঠী ভাগ্যদেৱী থিয়েটাৰৰ এগৰাকী যুৱতী নৃত্যশিল্পীৰ দ্বাৰা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। চুৰিকাণ্ডত জড়িত নৃত্যশিল্পী গৰাকী লখিমপুৰ বিহপুৰীয়াৰ হৰেন শইকীয়াৰ কণ্যা চিম্পী শইকীয়া বুলি অভিযোগ তুলিছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বিগত ২০২১ বৰ্ষৰ নৱেম্বৰ মাহত দক্ষিণ কেতেকীবাড়ী গো-ৰিজাৰ্ভত আমন্ত্ৰিত ভাগ্যদেৱী থিয়েটাৰৰ তিনি গৰাকী নৃত্যশিল্পীক নৃপেন পাটোৱাৰীৰ গৃহত ৰাখিছিল থিয়েটাৰ পৰিচালনা সমিতিয়ে। এই তিনি গৰাকী নৃত্যশিল্পীৰ ভিতৰত চুৰিকাণ্ডত অভিযুক্ত চিম্পী শইকীয়াও আছিল। সেই সূত্ৰে নৃপেন পাটোৱাৰীৰ পৰিয়ালৰ সৈতে এক আত্মীয়ৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু মাজে সময়ে ফোন যোগেও সা-খবৰ লৈ আছিল। লক্ষনীয় ভাৱে আজিৰ পৰা প্ৰায় বিশদিন পূৰ্বে অভিযুক্ত চিম্পী শইকীয়াই নৃপেন পাটোৱাৰীৰ পত্নীক ফোনযোগে থিয়েটাৰৰ পৰা অব্যাহতি লোৱাৰ প্ৰসংগ উল্লেখ কৰি ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰি বিহু খাবলৈ আহিব বুলি অৱগত কৰে আৰু প্ৰায় দুদিন পিছত চিম্পী শইকীয়া আহি দক্ষিণ কেতেকীবাড়ীৰ নৃপেন পাটোৱাৰীৰ বাসগৃহত উপস্থিত হয়।চিম্পী শইকীয়া বিগত প্ৰায় পোন্ধৰ দিন নৃপেন পাটোৱাৰীৰ ঘৰত থাকি ৩১ জানুৱাৰীৰ দিনৰ এঘাৰ বজাত গুৱাহাটীলৈ বুলি ৰাওনা হয়। প্ৰাপ্ত অভিযোগ অনুসৰি, চিম্পী শইকীয়া কালি যোৱাৰ পিছত নৃপেন পাটোৱাৰীৰ পত্নীয়ে খবৰ লোৱাৰ ইচ্ছাৰে মোবাইলত যোগাযোগ কৰে যদিও ফোন ৰিচিভ নকৰি সংযোগ বিছিন্ন কৰি দিয়ে। এনে কৰ্মকাণ্ডত সন্দেহ উপজি নৃপেন পাটোৱাৰীৰ পত্নীয়ে গডৰেজ খুলি হতভম্ব হৈ পৰে। কিয়নো গডৰেজৰ ভিতৰত থকা নগদ পঞ্চাশ হেজাৰ টকা সহ পত্নীৰ সোণৰ চেইন আৰু দুটাকৈ সোণৰ আঙঠি থৈ দিয়া ঠাইত নাছিল। উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে হাজো আৰক্ষী থানাত চিম্পী শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। সম্প্ৰতিও অভিযুক্ত চিম্পী শইকীয়াৰ মোবাইল ফোনৰ সংযোগ বিছিন্ন হৈ আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

Your Comments

Related Articles