জু-ৰোডৰ উৰণীয়া সেঁতুৰ কামৰ শুভাৰম্ভনি: জন্ম দিনত মুখ্যমন্ত্ৰীৰ ঘোষণা পঢ়ক

A

নিউজ ডেস্ক:

মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনটোতে নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনি হ’ল ৰাধা গোবিন্দ বৰুৱা পথৰ জু-তিনিআলি দুইলেনযুক্ত উৰণীয়া সেঁতুৰ।  মাংগলিক ৰীতি-নীতিৰে মুখ্যমন্ত্ৰী গৰাকীয়ে শুভাৰম্ভ কৰে প্ৰস্তাৱিত উৰণীয়া সেঁতুখনৰ কাম।২০২৩চনৰ ব’হাগ বিহুৰ পূৰ্বে নিৰ্মান সম্পূৰ্ন কৰাৰ  লক্ষ্য নিৰ্ধাৰণ কৰিছে সেঁতুখনৰ।৫৮০মিটাৰ দৈৰ্ঘ্যৰ সেঁতুখনৰ বহল হ’ব ৭.৫০ মিটাৰ।সেঁতুখন নিৰ্মাণৰ বাবে পুঁজি নিৰ্ধাৰণ কৰা হৈছে ৭৮কোটি ৯৩লাখ টকা।জু-তিনিআলিত শৰ্মাই নিৰ্মানকাৰ্যৰ শুভাৰম্ভনি কৰি মহানগৰবাসীলৈ ভালে কেইটা নতুন প্ৰকল্প ঘোষণা কৰে।গুৱাহাটী ক্লাৱৰ পৰা বামুনিমৈদানলৈ উৰণসেঁতু, মহানগৰীত এখন চেটেলাইট চিটি, গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ, ফাঁচীবজাৰ এম জি ৰোড আৰু শ্ৰদ্ধাঞ্জলি কানন আৰু চিৰিয়াখানা সংযোগী পদ দলং, এচি বাছ আস্থান, দুখনকৈ উদ্যান, এখন উদ্ভিদ উদ্যান, শুৱালকুছি পলাশবাৰী সংযোগী দলং , মহানগৰীত ৩০০খন বাছ ইলেক্ট্ৰিক আৰু CNGত চলোৱা ব্যৱস্থা, অটমেটিক ট্ৰেফিক চিগনেল হোৱাৰ উপৰিও গীতা মন্দিৰ ,অশ্বক্লান্ত দেৱালয় আৰু উমানন্দ মন্দিৰ সুন্দৰকৈ সজাই তোলাৰ বাবে প্ৰকল্প লৈছে ৰাজ্য চৰকাৰে।আগন্তুক তিনি বছৰৰ ভিতৰত আটাইবোৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’ব বুলি শৰ্মাই ঘোষণা কৰে।


আনহাতে, অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত যান জঁটৰ সমস্যা সমাধানৰ বাবে নিৰ্মাণ হ’ব ৰটাৰী।ইয়াৰ উপৰিও নিৰ্মীয়মান অৱস্থাত থকা  কালাপাহাৰ উৰণীয়া সেঁতুৰ কাম মে-জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব।একেদৰে মালিগাঁৱৰ উৰণীয়া সেঁতুখনো নিৰ্ধাৰিত সময়তকৈও আগতেই নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন ২০২৩ৰ ডিচেম্বৰত মুকলি কৰাৰ লগে লগে গুৱাহাটীখনে সম্প্ৰসাৰণৰ নতুন গতি লাভ কৰিব।

উল্লেখ্য যে , গুৱাহাটী ক্লাৱৰ পৰা বামুনিমৈদামলৈ নিৰ্মাণ হ’ব লগা উৰণীয় সেতুখন চাৰিলেণযুক্ত হ’ব।

গুৰুত্বপূৰ্ণ কথা এই যে মুখ্যমন্ত্ৰী শৰ্মাৰ আজি ৫৩সংখ্যক জন্ম দিনৰ উপলক্ষে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা গান্ধীবস্তি প্ৰাথমিক বিদ্যালয়ত উপস্থিত  হৈ নষ্টালজিক হৈ  পৰে শৰ্মা।

Your Comments