নিউজ ডেস্ক:
"চৰকাৰে আমাক বঞ্চনা কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ।নতুনকৈ দাবী কৰিবলৈ একো নাই।আমাৰ দাবীসমূহে প্ৰায় ডেৰ বছৰৰ পূর্বে ৰাজ্যৰ কেবিনেটত অনুমোদন লাভৰ পাছতো দুৰ্ভাগ্যজনক ভাৱে আজিলৈ চৰকাৰ তথা শিক্ষাবিভাগে কাৰ্যকৰী নকৰিলে"বুলি ক্ষোভ প্ৰকাশ কৰে সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকসমাজে।ভাৰত চৰকাৰৰ নিৰ্দেশনাও অসম চৰকাৰে ভংগ কৰি ঠিকাভিত্তিক টেট শিক্ষকসকলক বঞ্চনা কৰি ৰখা বুলি সমাজে কয়।
শিক্ষক সমাজৰ আহ্বান মৰ্মে মঙলবাৰে চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰাপ্য বিচাৰি ঠিকাভিত্তিক শিক্ষক সকলে ৰাজ্যজুৰি সাব্যস্ত কৰে প্ৰতিবাদ।এঘণ্টাৰ বাবে শিক্ষকসকলে প্ৰতিখন জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা সমন্বয়ৰ কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।কামৰূপ মহানগৰ জিলা ছাত্ৰীবাৰীস্থিত মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত জিলাসমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ।চাকৰি নিয়মীয়াকৰণকে ধৰি শিক্ষক সকলৰে বিগত ৩০মাহে বন্ধ হৈ থকা বকেয়া অহা মাৰ্চ মাহৰ ভিতৰত মুকলিৰ দাবী জনায়।
ইয়াৰ উপৰিও চৰকাৰী অন্য কৰ্মচাৰীৰ দৰে মৰগীয়া বানাচ ৩১শতাংশ প্ৰদানৰ দাবী জনায় শিক্ষকসকলে ।উল্লেখ্য যে বৰ্তমান ১২শতাংশহে মৰগীয়া বানাচ এই শিক্ষকসকলে লাভ কৰি থকা বুলি প্ৰতিবাদত অংশ লৈ জানিব দিয়ে সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই ।
সম কামৰ সম অধিকাৰ প্ৰদান, শিক্ষা বিভাগৰ বঞ্চনা বন্ধ কৰক, কেবিনেটৰ সিদ্ধান্ত কাৰ্যকৰী কৰক, চাৰ্ভিছ বুক প্ৰদান কৰক, অৱসৰকালীন ভাট্টা প্ৰদান কৰক, শিক্ষামন্ত্ৰী হায় হায় আদি শ্লোগান দিয়ে।উল্লেখ্য যে ২০১৯ চনৰ পৰা শিক্ষকসকলৰ মৰগীয়া বানাচ বন্ধ হৈ আছে।
আনহাতে, আজি প্ৰতিবাদী কাৰ্যসূচীৰ পাছতো যদি চৰকাৰ তথা শিক্ষা বিভাগে শিক্ষকসকলৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিয়ে আগন্তুক দিনত ইয়াতকৈ অধিক জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।
- Log in to post comments
- 9 views