সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত আজি ‘ক’লা দিৱস' পালন

A

B

নিউজ ডেস্ক:
 ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন বাহালি সংযুক্ত মৰ্চা আৰু সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উমৈহতীয়া আহ্বানেৰে আজি ইং ১ ফেব্ৰুৱাৰী ২০২২ তাৰিখে অসমৰ কৰ্মচাৰী সমাজে পালন কৰা 'ক'লা দিৱস' পালন কৰে ৷  ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজে ক’লাবেজ পৰিধান কৰি এন পি এছৰ বিৰোধত প্ৰতিবাদ কৰি দিনৰ ১২ বজাৰ পৰা পালন কৰা ১ ঘণ্টীয়া অসহযোগ কাৰ্যসূচী সম্পন্ন কৰে। 
   C

 "সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থা"ৰ সভাপতি শ্ৰী যুত অচ্যুতানন্দ হাজৰিকাই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে কয় যে  "আমি প্ৰশাসন ব্যৱস্থাৰ সকলো স্তৰতে থাকি ৰাইজ, সমাজ, ৰাজ্য আৰু দেশ সেৱা আগবঢ়াই আহিছো। এজন আৰক্ষী হৈ যেনেদৰে সমাজ আৰু দেশল শৃংখলিত কৰাৰ দায়িত্ব পালন কৰিছো, তেনেদৰে স্বাস্থ্য কৰ্মী হৈ ৰাইজক সেৱা আগবঢ়াই আছো। মুঠতে অতি নিম্ন পৰ্যায়ৰ পৰা উচ্চতম স্থানলৈ কাৰ্যপালিকাৰ হৈ ৯৯.৯৯ শতাংশ ব্যক্তি হৈছে চৰকাৰী কৰ্মচাৰী সমাজ। এই ৯৯.৯৯% ৰ বাবে চৰকাৰে দায়িত্ব মুৰপাতি ল'ব লাগিব। জীৱনৰ সুদীৰ্ঘ সময় চৰকাৰী ব্যৱস্থাত থকাৰ পিছত অৱসৰ সময়চোৱাত শক্তিহীন হৈ পৰাত আমি বাটৰ ভিকহু হ্বলৈ চৰকাৰে এৰি দিলে নহ'ব। কৰ্মচাৰী সমাজৰ অৱসৰী সময়চোৱাৰ অৰ্থনৈতিক স্বাধীনতা চৰকাৰে ঘুৰাই দিয়াৰ বাবে এন পি এছ আচনি বিলুপ্তি কৰিবই লাগিব।

X

এয়া দেশৰ তথা ৰাজ্যৰ সৰ্বস্তৰৰ কৰ্মচাৰী সমাজৰ একক দাবী।ৰাজ্যৰ কৰ্মচাৰী সমাজ আজি শংকিত, ত্ৰাসিত হৈ পৰিছে । ইং ২০০৫ চনৰ পৰা ৰাজ্যত প্ৰযোজ্য ৰাষ্ট্ৰীয় পেঞ্চন আচনি বা এন পি এছ ৰ বাবে। জীৱনৰ গুৰুত্বপূৰ্ণ তথা শ্ৰম কৰিব পৰা সময়খিনি ব্যক্তি এজনে বিষয়া, শিক্ষক, আৰক্ষী বা কৰ্মচাৰী হিচাপে সীমিত পৰিসৰ আৰু অজস্ৰ সীমাবদ্ধতাৰ মাজত থাকি চৰকাৰী চাকৰিৰ জৰিয়তে চৰকাৰ আৰু ৰাইজৰ নামত ব্যয় কৰে। কিন্তু সুদীৰ্ঘ সময় চৰকাৰ তথা ৰাইজলৈ সেৱা আগবঢ়োৱাৰ পিছত এন পি এছ আচনিৰ অধীনত অৱসৰ গ্ৰহণ কৰাৰ পিছত অৰ্থাত ৬০ বছৰ বয়সৰ পিছত অৱসৰৰ সময় খিনিত খোৱাৰ কাৰণে পুনৰ কাম কৰিবলগীয়া হৈছে। বয়স, স্বাস্থ্য আৰু মানসিকতা অবিহনেও কেবল পেটৰ তাৰণাত কাম কৰিবলগীয়া এই পৌঢ় সকলক সমাজৰ আবৰ্জনাৰ দৰে এক অন্ধকাৰ ভবিষ্যতলৈ ঠেলি দিয়া হৈছে এই এন  পি এছ দ্বাৰা। এয়া চৰকাৰী ব্যৱস্থাৰ দ্বাৰা সৃষ্টি কৰা এক সামাজিক ৰোগৰ বাহিৰে আন একো নহয়।

E

ইতিমধ্যে এন পি এছৰ অধীনত প্ৰায় ৭০০০ জন শিক্ষক, বিষয়া, কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে আৰু এই সকলৰ ৯৫% ই মাহে ১০০০ টকাতকৈ কম পেঞ্চন লাভ কৰি আছে। প্ৰতিজন বিষয়া, শিক্ষক, কৰ্মচাৰী, আৰক্ষীয়ে অৱসৰৰ পিছত প্ৰয়োজন আৰু জীৱন ধাৰণৰ বাবে শ্ৰম কৰিবলৈ বাধ্য  হোৱা এই ব্যৱস্থা অসম তথা ভাৰতবৰ্ষৰ সভ্যতাৰ পৰিপন্থী। এই এন পি এছ ব্যৱস্থাৰ বিলুপ্তি কৰি পুৰণি পেঞ্চন নীতি পুন:বাহাল কৰাৰ স্বাৰ্থত, সৰ্বভাৰতীয় পৰ্যায়ত নেতৃত্ব দিয়া ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন বাহালি সংযুক্ত মৰ্চা (NOPRUF) ৰ আহ্বান অনুসৰি আজি ইং ১ ফেব্ৰুৱাৰী ২০২২ তাৰিখৰ দিনটো ৰাজ্যৰ কৰ্মচাৰী সমাজে "ক’লা দিৱস (Black Day)" হিচাপে পালন কৰি, ১ (এক) ঘণ্টীয়া "কৰ্মবিৰতি" পালন কৰে।"

D

Your Comments