গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ ঠেকেচা ৰৌণকৰ; জামিন নাকচ

A

নিউজ ডেস্ক:

আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অসম আৰক্ষীৰ নিলম্বিত ডি.আই.জি ৰৌণক আলী হাজৰিকাৰ জামিন আৱেদন নাকচ।গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰে হাজৰিকাৰ জামিন।উল্লেখ্য যে নিম্ন আদালতে পূর্বতে নাকচ কৰিছিল জামিন।সেই ৰায়ৰ বিৰুদ্ধে হাজৰিকাৰ অধিবক্তা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্হ হৈছিল।যোৱা ১৮জানুৱাৰীত জামিন শুনানি সম্পন্ন কৰি ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা বিচাৰপীঠে  ৰায়দান স্থগিত ৰাখিছিল।সোমবাৰে ৰায় প্ৰদান কৰি আৰক্ষীয়ে হাজৰিকাৰ ৩২৯১/২০২১জামিন আবেদনখন খাৰিচ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে , ইতিমধ্যে তেওঁৰ বিৰুদ্ধে আদালতত চূড়ান্ত অভিযোগনামা দাখিল কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।অভিযোগনামাত ৰৌণক আলি হাজৰিকাৰ উপৰিও পত্নী নুছৰত ৰৌনক হাজৰিকা আৰু ফৰিদ আলিৰ নাম উল্লেখ আছে।দাখিল কৰা অভিযোগনামাখন ১৫৬পৃষ্ঠা জোৰা।

অভিযোগনামাত উল্লেখ কৰা অনুসৰি আয়তকৈ ১৮২.১৯ (182.19%)শতাংশ অধিক সম্পত্তি আছে ৰৌণকৰ।মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (সীমান্ত) ৰৌনকৰ অসামঞ্জস্যপূৰ্ণ সম্পত্তিৰ গোচৰৰ তদন্ত ১০৯দিনত সম্পূৰ্ণ কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথা এই যে ,যোৱা বৰ্ষৰ ৫অক্টোবৰত হেঙেৰাবাৰী বাসগৃহৰ পৰা হাজৰিকাক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে।ইয়াৰ উপৰিও চাকৰিৰ কাৰ্যকালত গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰাৰো অভিযোগ আছে আলিৰ বিৰুদ্ধে।

Your Comments