নিউজ ডেস্ক:
অসম আৰক্ষীৰ এনকাউণ্টাৰ হোৱা নাই আৰক্ষীৰ এক্সন হৈছে"-শেহতীয়াকৈ ৰাজ্যত সংঘটিত হোৱা অভিযুক্তক গুলিবিদ্ধ ঘটনাৰ প্ৰসংগত এই মন্তৱ্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।সোমবাৰে কাহিলীপাৰা চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মহন্তই কয়-ইয়াক এনকাউণ্টাৰ নকয়।পুলিচৰ এক্সন হৈছে।ইফালে নগাঁৱৰ কীৰ্তি কমল বৰাৰ এনকাউণ্টাৰ প্ৰসঙ্গত সাংবাদিকৰ প্ৰশ্নত কোনো মন্তৱ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ডিজিপি গৰাকীয়ে।
উল্লেখ্য যে সোমবাৰে অসম আৰক্ষীৰ জ্যেষ্ঠ বিষয়া ডিজি(চিডি) আৰু চিজি(এইচজি) আই পি এছ এ.কে সিনহা কাশ্যপে (A K Sinha Casshap) অৱসৰ গ্ৰহণ কৰে।কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষীৰ বেটেলিয়নত পেৰেড অভিবাদনেৰে বিদায় জনোৱা হয় বিষয়া গৰাকীক।
গুৰুত্বপূৰ্ণ কথা এই যে ,অনুষ্ঠানত অসম আৰক্ষীৰ ডিজিপি প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
- Log in to post comments
- 9 views