নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পল্টনবজাৰ কে.কে হোটেলত আত্মহত্যাৰ ঘটনা। শনিবাৰে নিশা হোটেলখনৰ দ্বিতীয় মহলাত আত্মহত্যা লটিফুৰ ৰহমান নামৰ কৰ্মচাৰী গৰাকীৰ।আত্মহত্যা কৰা কৰ্মচাৰীজনৰ ঘৰ ধুবুৰীত।
উল্লেখ্য যে হোটেলখনত মেনেজাৰ হিচাপে ১৭বছৰ কাম কৰি আছিল লতিফুৰে।আত্মহত্যা কিয় কৰিলে সেয়া বর্তমানো ৰহস্যৰ আৱৰ্তত।
প্ৰাপ্ত খবৰ মতে নিশা লতিফুৰক আন কৰ্মচাৰীসকলে হোটেলত নেদেখি বিচাৰ খোচাৰ কৰে৷
ইফালে কৰ্মচাৰীসকলে কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ থকা প্ৰত্যক্ষ কৰি ওচৰতে থকা প্লটনবজাৰ থানাক খবৰ দিয়ে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কোঠাটোৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰাত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।
ইফালে আৰক্ষীয়ে নিশাই মৃতদেহ পৰীক্ষা কৰি হোটেলৰ কোঠালিটোৰ তলা বন্ধ কৰি যায়।দেওবাৰে পুৱা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে ইছলামপুৰত ভাড়াঘৰত বাস কৰিছিল লতিফুৰ ৰহমানে৷
- Log in to post comments
- 12 views