নিউজ ডেস্ক:
"অসম চৰকাৰৰ শেহতীয়া সীমা সমস্যা সমাধানত সন্তুষ্ট নহয় সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ।চৰকাৰে নিৰ্দিষ্টকৈ সমাধান কৰিব পৰা নাই সীমা বিবাদ"-গুৱাহাটী প্ৰেছ ক্লাৱৰ সংবাদমেলত এই কথা প্ৰকাশ কৰে সংগঠনটোৱে।সীমান্ত গাঁও কৰ্তন হ’ব চৰকাৰৰ সিদ্ধান্তত।সীমান্তৰ জনতাৰ সৈতে আলোচনা নকৰাকৈ সিদ্ধান্ত লৈছে অসম চৰকাৰে- অভিযোগ সংগঠনটোৰ সভাপতি ৰমেন চৌধুৰীৰ।চৰকাৰে চুবুৰীয়া ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিসমূহ মোকলাব লাগে।
ৰাজ্য চৰকাৰে কোভিডৰ বাবে জাৰি কৰা এছঅ’পি প্ৰসংগ উত্থাপন কৰি সংগঠনটোৱে কয়-SOP ৰ নামত জনতাক আৰ্থিক ভাৱে দুৰ্বল কৰিছে।অনাহকত শাস্তিৰ সন্মুখীন হৈছে অসমবাসী।
অসম আৰক্ষীক নিৰ্দোষীক শাস্তি নিদিবলৈ আহ্বান কৰি সংগঠনটোৱে কয়-নিৰীহৰ ওপৰত এনকাউণ্টাৰ নিন্দনীয়।
- Log in to post comments
- 9 views