নিউজ ডেস্ক:
যোৰহাট চহৰত দিন দুপৰতে এদল উন্মাদ জনতাৰ নিৰ্মম প্ৰহাৰত নিহত আছুনেতা অনিমেষ ভূঞাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।দেৰগাঁৱৰ খকন্দগুৰি গাঁৱৰ গৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি আৰ্থিক সাহায্যৰূপে ৫লাখ টকাৰ চেক প্ৰদান কৰে।
উল্লেখ্য যে যোৰহাট আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ অভিযোগনামা আদালতত দাখিল কৰিছে।সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতৰ জৰিয়তে কৰা হ’ব বুলি শৰ্মাই পুনৰ আশ্বাস প্ৰদান কৰে পৰিয়ালটোক।আনহাতে অনিমেষৰ ভাতৃক সংস্থাপন দিয়াৰ কথাও শৰ্মাই আশ্বাস দিয়ে দুৰ্ভগীয়া পৰিয়ালটোক।দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত স্থানত ছাত্ৰ নেতা গৰাকীৰ এটা প্ৰতিমূৰ্তি নির্মাণ কৰিব বুলিও মাতৃক কয় মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে ,বিগত বৰ্ষৰ ২৯নৱেম্বৰত দুই বন্ধুৰ সৈতে ব্যৱসায়িক কামত যোৰহাটলৈ গৈছিল।তাতে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উন্মাদ জনতাই নিৰ্মম প্ৰহাৰ কৰি হত্যা কৰিছিল ছাত্ৰ নেতা গৰাকীক।
- Log in to post comments
- 26 views