নিউজ ডেস্ক:
অসম লোকসেৱা আয়োগৰ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মূল লিখিত পৰীক্ষাৰ সময়সূচী ঘোষণা।শনিবাৰে এক জাননী জৰিয়তে এ পি এছ চিয়ে প্ৰকাশ কৰিছে এই সময়সূচী।অহা ২১ফেব্ৰুৱাৰীৰ পৰা ২৭ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব পৰীক্ষা।
উল্লেখ্য যে ভাষা বাধ্যতামূলক প্ৰশ্ন কাকতৰ অবিহনে অনুষ্ঠিত হ’ব এই পৰীক্ষা।অসম চৰকাৰে কেবিনেটৰ সিদ্ধান্ত মৰ্মে ইতিমধ্যে এপিএছচি ভাষা ভিত্তিক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰিছে।গুৰুত্বপূৰ্ণ কথা এই যে ,২১,২৩,২৩,২৭ তাৰিখে অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ।
- Log in to post comments
- 6 views