গংগোত্ৰী কাশ্যপ:
'কৈলাস'- শিৱৰ বাসস্থান। হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে -কৈলাস পর্বততেই সপৰিবাৰে বাস কৰে ভগৱান শিৱ। এই কৈলাস পৰ্বতক আবৰি ৰাখিছে নানা ৰহস্য, কাহিনী আৰু বিশ্বাসে।এই পর্বতৰ চূড়া আজি পর্যন্ত কোনেও আৰোহণ কৰিব পৰা নাই।
সংস্কৃতৰ 'কেলাস' (Crystal) শব্দৰ পৰা 'কৈলাস'শব্দটিৰ উৎপত্তি হৈছে । কাৰণ বৰফে ঢকা কৈলাসক দেখাৰ লগে লগেই মন পৰিষ্কাৰ হৈ পৰে ৷ তিব্বতী ভাষাত ইয়াৰ নাম গাঙ্গো ৰিনপোচে। অর্থাৎ বৰফেৰে তৈয়াৰী দামী ৰত্ন।কৈলাস পৰ্বতৰ উচ্চতা হৈছে ৬,৬৩৮ মিটাৰ ৷
তিব্বত মালভূমিৰ পৰা ২২ হাজাৰ ফুট উচ্চতাত অৱস্থিত কৈলাসক হিন্দু ধৰ্মাৱলম্বীলোকৰ লগতে বৌদ্ধ আৰু জৈনসকলেও পৱিত্ৰ বুলি জ্ঞান কৰে ৷ প্রচলিত বিশ্বাসমতে , কৈলাস যিহেতু দেৱ-দেৱীৰ বসতিস্হল , সেইবাবে কোনো মানুহ তালৈ যোৱা সম্ভৱ নহয়। তাত আৰোহণ কৰিবলৈ চেষ্টা কৰা মানেই মহাদেৱৰ ৰোষত পৰা ৷আনকি মৃত্যু হোৱাৰো সম্ভাৱনা থাকে ৷
হিন্দুসকলৰ মতে মাউন্ট মেৰুৰ এটি অংশ হ’ল কৈলাস। তিব্বতী ঐতিহ্য অনুযায়ী,এঘাৰ শতিকাত মিলাৰেপা নামৰ এজন বৌদ্ধ সন্ন্যাসী এই পর্বতৰ চূড়াত উঠিবলৈ সক্ষম হৈছিল। তেওঁ তাৰ পৰা উভতি আহি সকলোকে সাৱধান কৰি দিছিল যে, ঈশ্বৰৰ বাসস্থানলৈ নোযোৱাই ভাল। তাৰ পিছতো বহুতো লোকে কৈলাসলৈ যোৱাৰ চেষ্টা কৰিছিল ৷ কিন্তু সেই সকলে পথভ্রষ্ট হৈ অথবা দুর্যোগপূর্ণ পৰিস্থিতিত পৰি মৃত্যুক সাৱটি লৈছে।
কৈলাস পর্বত পিৰামিড আকৃতিৰ। কৈলাসক ‘পৃথিবীৰ কেন্দ্র’ বুলিও বহুতে অভিহিত কৰিছে । ইয়াক ‘কচমিক অ্যাক্সিচ’ বা 'ৱৰ্ল্ড পিলাৰ’ নামেৰে জনা যায় । লোকবিশ্বাস মতে , কৈলাসতেই স্বর্গ পৃথিবীৰ লগত মিলিছে। কথিত যে, কৈলাস পর্বত আৰোহণ কৰি থকাৰ সময়তে হঠাৎ নখ আৰু চুলি বাঢ়ি যায় ৷ বহুকেইজন চাইবেৰিয়ান পর্বতাৰোহী কৈলাস পর্বতৰ ‘নিষিদ্ধ’ এলেকাত গৈছিল ৷ লগে লগে তেওঁলোকৰ বয়স কেবা দশক আগুৱাই গৈছিল,যদিও ইয়াৰ সত্যাসত্য বিচাৰ কৰা হোৱা নাই ।
কৈলাস পর্বতৰ পাদদেশত আছে মানস সৰোবৰ আৰু ৰাক্ষসতাল ৷ ১৪ হাজাৰ ৯৫০ ফুট ওপৰত অৱস্থিত মানস সৰোবৰ বিশ্বৰ উচ্চতম মিঠা পানীৰ হ্রদ। আশ্চর্যকৰ বিষয় এই যে , প্ৰচণ্ড জোৰেৰে বতাহ বলিলেও মানস সৰোবৰৰ পানী সকলো সময়তে শান্ত হৈ থকাৰ বিপৰীতে ৰাক্ষসতালৰ পানী কিন্তু সকলো সময়তে অশান্ত হৈ থাকে। প্রচলিত বিশ্বাস অনুসৰি , শিৱক প্রসন্ন কৰাৰ উদ্দেশ্য ৰাক্ষসৰাজ ৰাৱণে তপস্যা কৰিছিল ,তাৰ ফলতেই ৰাক্ষসতালৰ সৃষ্টি হৈছিল । সেইবাবেই এই হ্রদৰ পানী অশান্ত হৈ থাকে।
- Log in to post comments
- 129 views